Jilmil Jonak : Public Review

jilmil-jonak-poster

A Public review of latest Assamese film Jilmil Jonak. We collected some personal reviews posted on Facebook during last week.Its not in a huge quantity, but you can assume much about this latest multi starerAsssamese cinema directed by Sibanan Baruah.

The full view of the post by Deva P Hazarika
অসমীয়া কথাছবি আজিকালি কিয় নচলে এইটোক লৈ সততেই আমাৰ মানুহৰ মাজত আলোচনা হৈ থাকে। প্ৰচাৰৰ অভাৱ প্ৰায়ে দেখা যায় অসমীয়া কথাছবি বিলাকত। ইয়াৰোপৰি আন কাৰণসমূহ হৈছে দূৰ্বল কাহিনী, অভিনয় ইত্যাদি।
শেহতীয়াভাৱে অসমীয়া কথাছবি সমূহ ইমান ভাল হৈছে বুলি শুনা নাই। ‘বান্ধোন’ খন ভাল হৈছিল যদিও তাতো কিছুমান খুটি-নাটি আছিল। তাৰে ভিতৰত নাম ল’ব লাগিব ‘লোকেল কুংফু’ৰ। ছবিখন প্ৰায় সকলোৱে চাই ভাল পাইছিল। এক ক্ষেত্ৰত সফল হৈছিল। কিন্তু তাৰ পাছত লেখত ল’ব লগীয়া অসমীয়া কথাছবিৰ নাম নাই।

কেইদিনমান আগতে তেজপুৰ চহৰত এখন অসমীয়া কথাছবিৰ পোষ্টাৰ দেখিলোঁ। নাম আছিল ‘জিলমিল জোনাক’। পোষ্টাৰ খনত এটা কথা ডাঙৰ ডাঙৰকৈ লিখা আছিল। প্ৰথম বাৰৰ বাবে বিদেশত এটি গীতৰ দৃশ্যায়্ণ। যথাসময়ত কথাছবিখনে মুক্তি লাভ কৰিলে। বহুতৰে মুখত কথাছবিখন ভাল হৈছে বুলি শুনিলো। অসমীয়া কথাছবি ভাল হৈছে বুলি ক’লে মনটো ইনেই ভাল লাগে। ভাবিলো অসমীয়া কথাছবিৰ দুৰ্দিন শেষ হ’বৰ হ’ল নেকি?

বহুতদিন অসমীয়া কথাছবি চোৱা নাচিলো। সেয়েহে মনস্থ কৰিলোঁ আজি চোৱা যাওঁক ‘জিলমিল জোনাক’। এটা সুন্দৰ গীতৰ মাজেৰে কথাছবিখনৰ লগত জড়িত ব্যক্তিসকলৰ নাম চিনেমাৰ পৰ্দাত ভাঁহি উঠিল। তাৰ পাছতেই আৰম্ভ হ’ল কথাছবিখনৰ কাহিনী। প্ৰথমতে ভালেই লাগিছিল কাৰণ সত্ৰীয়া নৃত্যৰ দৰে অংগী ভংগী কৰি অভিনেতা জনে আৰম্ভণি কৰিছিল। পিছে লাহে লাহে তেওঁলোকৰ বেশ-ভুষাও সলনি হ’ল, সংগীতো সলনি হ’ল। তাতে নায়ক-নায়িকাৰ বেশ-ভূষা দেখি হাঁহি উঠিল। মনতে ভাবিবলৈ ধৰিলো অসমীয়া কথাছবি কিয় নচলে?

লাহে লাহে কাহিনী আগবাঢ়ি গ’ল। কাহিনী এহাল প্ৰেমিক-প্ৰেমিকা প্ৰেমত মচগুল। ঠিকেই চলি আছিল প্ৰেম, পিছে আহিল মাজত প্ৰেমিকাৰ পিতৃ। মানে সেই পুৰণি হিন্দী বোলছবিৰ ফৰ্মূলা। তাৰ মাজতেই টুইষ্ট দি প্ৰেমিকাৰ ভাতৃয়ে পিতৃক বুজাবলৈ ফ্লেচবেকলৈ লৈ গ’ল। তাতো একেই হিন্দী বোলছবিৰ ফৰ্মূলা। ফ্লেচবেকত দেখা পাব দুটা শত্ৰু পৰিয়ালক। এই শত্ৰুতা মিত্ৰতালৈ পৰিৱৰ্তিত হ’লহেঁতেনে যদিহে দুই পৰিয়ালৰ ল’ৰা-ছোৱালী হালৰ প্ৰেম সফল হ’লহেঁতেন। কিন্তু আকোৰগোঁজ দুই পিতৃ, পাহৰিব নোৱাৰে পুৰণি শত্ৰুতাক। তাৰ পাছত হয় পিতা-পুত্ৰৰ সংঘাত আৰু পৰিয়াল হৈ পৰে ঠান বান। ফ্লেচবেকৰ পৰা বৰ্তমানলৈ ঘুৰি আহোঁতে পুৰণি দিনৰ কথা সুঁৱৰি প্ৰেমিকাৰ পিতৃৰ হৃদয় পমে। কথাছবিৰ শেষত ঠান-বান হোৱা পৰিয়ালটো আকৌ একলগ হৈ পৰে। মানে হেপ্পী এনডিং।

এতিয়া মনলৈ অহা কথাখিনি কওঁ। এটা গীতৰ দৃশ্য বিদেশত দৃশ্যায়ণ কৰা হৈছে বুলি কোৱা হৈছে, কিন্তু গীতটোত এখন জাহাজৰ বাদে একো নেদেখিলোঁ। মানে এনেদৰে পোষ্টাৰত লিখিবলৈ কোনো দৰকাৰ নাই, এনে বহুতো সুন্দৰ ঠাই আমাৰ দেশতে আছে। তাৰ পাছতে ফ্লেচবেকলৈ উভতি যাওঁতে যদি চোৱা সেই সময়কাল হ’ল সত্তৰ-আশী দশক। সেই সময়ত কিজানি বাজাজে পালছাৰ মটৰ চাইকেল খন উলিওৱা নাছিল। তাত পালছাৰ মটৰ চাইকেলখন দেখা পালো। তাৰোপৰি নায়িকা মানে নিশিতা গোস্বামীৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰা আকাশদ্বীপৰ ৰয়েল এনফিল্ডখনো পুৰণি সেই সময়ৰ ৰয়েল এনফিল্ডৰ দৰে নালাগিল। নিশিতা গোস্বামীয়েও ব্যৱহাৰ কৰা ছেন্ট্ৰো জিং খনো তেতিয়া ওলোৱা নাছিলে কিজানি। ফ্লেচবেকত নিশিতা গোস্বামীৰ বান্ধৱী সকলৰ বয়সৰ কথা নকওঁ বাৰু, বেলেগ কথা এটাহে কওঁ। নিশিতা গোস্বামীৰ এগৰাকী বান্ধৱী কিন্তু কথাছবিখনৰ একবাৰে শেষৰ দৃশ্যত মানে বৰ্তমানত দেখা পালো বৰ্তমানৰ নায়িকা শ্যমন্তিকাৰ বান্ধৱী হিচাপে। কথাছবিখনত নায়ক-নায়িকা সকলোৱে অতিমাত্ৰা প্ৰসাধন ব্যৱহাৰ কৰিছিল। কৰিছেই যেনিবা সেইয়া দেখুৱাবলৈ কোনো দৰকাৰ নাই, বিশেষজ্ঞ লগত ৰাখিলে ভাল। কাৰণ ঘামত বিৰিঙি উঠা মুখকেইখন দেখিলেই ধৰিব পৰা যায় অতিমাত্ৰা প্ৰসাধন কৰিছে বুলি। সেয়েহে নায়ক-নায়িকা সকলোকে মাজে মাজে কুৎসিত লাগিছিল।
এইবিলাক কাৰিকৰী দিশ বাৰু, অভিনয়ৰ ক্ষেত্ৰত নিপন গোস্বামীৰ অভিনয় ভাল লাগিল। বাকীসকলৰ অভিনয়ত নাটকীয় চাপ দেখা পালো। মানে ‘নেচুৰেল একটিং’ৰ অভাৱ বাৰুকৈয়ে অভাৱ অনুভৱ কৰিলোঁ। ‘অসমীয়া চিনেমা কিয় নচলে?’ৰ এইটো এটা প্ৰধান কাৰণ। সীবানন বৰুৱাৰ নিৰ্দেশনা ঠিক-ঠাক বুলিয়েই ক’ম, সবল নিৰ্দেশনালৈ এতিয়াও তেওঁ বহু দুৰত। মানস ৰবীনৰ সংগীতৰ যাদু ইমান দেখা নাপালো। মাত্ৰ আৰম্ভণিতে শুনা গানটো ভাল লাগিল।
বাকী শকত-আৱত নায়িকাক লৈ কৰা অসমীয়া বোলছবি বিলাক দেখিলে এনে এটা ভাৱ হয় হিন্দী কথাছবিৰ নায়িকা সোণাক্সী সিনহাই এই সকলৰ আগত কি পাত্তা পাব।

‘কামোৰ হে পৰ অপনা হেই’ বুলি আঢ়ৈ ঘন্টা পাৰ কৰা সময়কণত এইবিলাক কথাই মনলৈ আহিল। আৰু শেষত এটা কথাই ক’ব পাৰিম পুৰণি হিন্দী চিনেমাৰ ফৰ্মূলা বাদ দি কিবা নতুনত্ব নানিলে ‘অসমীয়া চিনেমা কেতিয়াও নচলে’।

If you want to include your review on our site, then use hashtags : #AssameseFilm or #MagicalAssam

SHARE
Hussain is a digital marketer, avid blogger and technology enthusiast. His focus is on blogging, film-making and tech updates. He likes spending time editing videos, travelling and reading all about what's going on in the tech world. You can find him on Facebook. more about Hussain Ahmed.

LEAVE A REPLY

Please enter your comment!
Please enter your name here