Film Review : Anuradha | The Most Talked About Assamese Film

anuradha-assamese-movie-review

[box style=”2″]

This Space will update till April 5, 2015 on daily basis (Update Closed! Please Use the Comment Box)
Insert Your Review by Using #AssameseFilm or #Anuradha on Facebook

[/box]

বহুদিনৰ মূৰত মনে বিচৰা ধৰণৰ এখন চিনেমাচালো । সুন্দৰকাহিনী ,সংলাপ আৰু অভিনয় ৰসমাহাৰেৰে এক অপূৰ্বসৃষ্টি যেন লাগিল।মুক্…

Posted by Jutika Borah on 27 March 2015

Enjoyed Anuradha special show today at Gold Digital Paltanbazar……..really a watchable movie that touches the heartdont miss it

Posted by Kalyan Kumar Kalita on 27 March 2015

এখন নিখুঁত ছবি বুলি নকওঁ কিন্তু এখন ভাল ছবি ৷ সকলোতকৈ আচৰিত কথা ছবিখন চাই থাকোতে কোনোপধ্যে অসমীয়া ছবি চাই থকা যেন নালাগি…

Posted by Bijoy Shankar Saikia on 27 March 2015

[box style=”4″]

Sushanta Kumar Kashyap

[/box]

…অনুৰাধা এখন উপভোগ্য অগতানুগতিক ধাৰাৰ ছবি। অনুৰাধা-নাৰীকেন্দ্ৰিক ছবিখনৰ নাম ভুমিকাত অভিনয় কৰিছে মেঘৰঞ্জনীয়ে। অনুৰাধা এটা জটিল, চেলেঞ্জিং চৰিত্ৰ। নিৰ্জু অথচ খং, ক্ষোভ, হতাশা, প্ৰতিবাদৰ অৱদমন অনুৰাধা। চৰিত্ৰটো ফুটাই তোলাত মেঘৰঞ্জনী সফল যদিও দুই এটা দৃশ্যত অভিনয় অধিক উন্নত হোৱাৰ থল থাকি গ’ল। অভিনয়ত জড়তা থাকি যোৱা যেন লাগিল। এটা ‘স্কোপ’ থকা চৰিত্ৰৰ সুযোগৰ সৎ ব্যৱহাৰ কৰিব নোৱাৰিলে। সন্দেহ নাই মৃদুলা বৰুৱাৰ পিছত অসমীয়া চলচিত্ৰত আন এজনী নিৰ্জু নিৰ্জু লগা (innocent look) মোহময়ী অভিনেত্ৰীৰ প্ৰৱেশ ঘটিল। দিগন্ত হাজৰিকাৰ অভিনয় যথাযথ। নিজৰ পৰিসৰৰ ভিতৰত সুন্দৰ অভিনয় কৰিছে। ছবিখনৰ উল্লেখযোগ্য দিশ হ’ল জয় কাশ্যপৰ অভিনয়। জয়ৰ প্ৰবেশে বিৰতিৰ পিছৰ পৰ্যায়ত ছবিখনক অনন্য মাত্ৰা দান কৰিছে। এক কথাত ছবিখনৰ গতি সলাই দিবলৈ সক্ষম হৈছে। সেয়েহে কিজানি দ্বিতীয়াৰ্ধ অধিক আকৰ্ষনীয় হৈ উঠিছে। বিশেষকৈ ছিলঙৰ মনোমোহা লোকেশ্বনত জয়-মেঘৰঞ্জনীৰ অভিনয় বহুদিনলৈ মনত থাকিব। চৰিত্ৰ অনুযায়ী সুন্দৰ অভিনয় কৰিছে ফুনুপ্ৰভাই। আনসকলো অভিনেতা-অভিনেত্ৰীৰ পৰা অকৃত্ৰিম অভিনয় আদায় কৰাত পৰিচালক সফল হোৱা বুলি কব পাৰি। বিশেষকৈ সংলাপ প্ৰক্ষেপনত কোনো এগৰাকী অভিনেতা-অভিনেত্ৰীকে দূৰ্বল নেদেখিলোঁ।

ছবিখনৰ চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত ধন্যবাদ দিব লাগিব প্ৰযোজক-আৰু কাৰ্যবাহী প্ৰযোজকক, তেওলোক ১০০ শতাংশই সফল। সংগীতো আশাকৰাধৰনেই হৈছে। অংগৰাগ, জুবিন আৰু অন্যান্য গায়ক গায়িকা সকলে মনপ্ৰাণ ধালি গীত গোৱা যেন অনুভৱ হ’ল। ‘জোৰকৰি’ বা ‘দিব লাগে দিছো’ ধৰনে অনুৰাধাত গীত দিয়া হোৱা নাই-সেয়া ছবিখন চোৱা প্ৰত্যোকজন দৰ্শকে উপলব্ধি কৰিব পাৰিব। অৱশ্যে অনুৰাধাৰ বান্ধবীজনীৰ মুখত দিয়া গীতটো নিদিলেও বিশেষ ক্ষতি নহ’লহেতেন।

অনুৰাধাৰ মুলকাহিনীৰ লগত সন্নিবিষ্ট হোৱা উপকাহিনীবোৰে বৰ্তমান সমাজৰ এখন অপ্ৰিয় অথচ বাস্তৱ চিত্ৰ প্ৰতিফলিত কৰিছে। কাহিনীয়ে দাবীকৰা অনুযায়ী অসমীয়া সমাজৰ যিবিলাক লোকাচাৰ, লোকসংস্কৃতি অনুৰাধাত দেখুওৱা হৈছে-সেয়া আদৰিবলগীয়া।
কিন্তু এটা কথা কবই লাগিব ভাওনাৰ ৰাতি মিলনৰ দৃশ্য, চম্পাৰ মদৰ ঘাটিত মিলনৰ দৃশ্য কিছু মুকলিকৈ উপস্থাপন কৰাৰ বিপৰীতে কলাত্মক ভাৱে উপস্থাপন কৰিব পাৰিলেহেতেন!

ছবিখনৰ আটাইতকৈ ভাল লগা দিশ হ’ল চিত্ৰগ্ৰহণ। কেমেৰাৰ কাম সুন্দৰ। সততে অসমীয়া ছবিৰ বিৰুদ্ধে অভিযোগ উঠে-ছবিবোৰ স্পষ্ট নহয়-ধোৱা ধোৱা, সংলাপ ভালদৰে বুজি পোৱা নাযায়, আৱহ সংগীতে বিভিন্ন সময়ত সংলাপ গিলি পেলায় ইত্যাদি ইত্যাদি। এই সকলোবোৰ দোষৰ পৰা অনুৰাধা মুক্ত। কবলৈ গ’লে কাৰিকৰি (technical side)দিশ অনুৰাধাৰ অধিক উন্নত। তদুপৰি ৰুপসজ্জা, দৃশ্যসজ্জা অতি সুন্দৰ। ইয়াত জড়িত সকলক ধন্যবাদ দিবই লাগিব ।

সৰু-সুৰা দোষ ত্ৰুটিবোৰ বাদ দিলে এখন বিৰক্তিনলগাকৈ চাই থাকিব পৰা মৰমলগা ছবি অনুৰাধা। অনুৰাধাৰ লগত জড়িত বেছিভাগ অভিনেতা, অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰযোজক, পৰিচালক ছবিজগতত প্ৰায় নৱাগত।ভবিষ্যতে ইয়াতকৈও অধিক উন্নত ছবি আমি আশা কৰিম তেওঁলোকৰ পৰা।

[box style=”4″]

Priyanka Shekhar Chaliha

[/box]

“Anuradha”, an unique, different from traditional Assamese movie, produced by my Facebook friend Luit Kumar Barman. I was lucky enough to receive an invitation from Luit for a promotional show of the movie at the International Film Festival, Delhi. Although it was a maiden attempt by Luit, it had overtaken lots of non rated Assamese movies in the recent past.The cinematography was fantastic. The natural beauty of Assam is projected in a fantastic manner and some of the scenes are really mesmerized me. Suruj Deka really deserves a great round of applause for this. The songs were too good and specially the theme song. It itself is a novel. Too heart touching. The scene linkage was too smooth. I have not seen any such stoppages which are often founded between the scenes of traditional Assamese movies. Producer, Director had done a great job in this.

However, the main story of the movie is centered around an Assamese wife, who was abandoned by his husband. Her ups and downs were tried to be shown but did not came up so strongly. In the middle, her life was tried comparing with a number of mythological characters, which I found, somehow not related to the lead character. I may be wrong, but I did not find the linkage. Secondly, there were some adult scene were included. This may be a bold step to an Assamese movie, but I did not find these to be really needed or the duration of the scenes were to long compared to actual need. Thirdly, there were some parallel incidents in the movie, which I think director/producer could not taken up to the level actually required by the movie. Lastly, the struggle of the lead character did not came up to the proper level as it was tried to be shown. For example, simply meeting a friend at higher position and arranging a job for an unemployed youth is seems to be unpractical, again simply talking to an extremists in the jungle can not be treated as the character’s dominance over a burning issue. It might have required much more than this. Similarly, two goon’s lewd comments on the lead character at a village tea shop can not be treated as a controversy against a women’s character made by entire village/town. Again, the end of the lead character was also not as per required by the story. Suddenly it got ended. I will not go on describing each and everything, but I found there are lot of gaps, which could have taken care of in a much better way.

Whatever said and done, ultimately it is a good movie, and I am really very happy that Luit is able to deliver such a beautiful movie in his maiden attempt. I am congratulating Luit, Rakesh and entire team for such a great entertainer…

5 Incredible Reasons Why You Should Watch Anuradha

Advertisement
loading...
SHARE
Hussain is a digital marketer, avid blogger and technology enthusiast. His focus is on blogging, film-making and tech updates. He likes spending time editing videos, travelling and reading all about what's going on in the tech world. You can find him on Facebook. more about Hussain Ahmed.

LEAVE A REPLY

Please enter your comment!
Please enter your name here