‘যতীন বৰা’ৰ অভিনয়েৰে ‘মুন্না আহমেদ’ৰ বিশাল আয়োজন “নিজানৰ গান”

‘জোন জ্বলে কপালত’, ‘মাঁ তুমি অনন্যা’, ‘প্ৰিয়া মিলন’, ‘জোনাক বিহীন জীৱন’, ‘জীৱন নদীৰ দুটি পাৰ’, ‘অন্তহীন যাত্ৰা’ আদিৰ দৰে জনপ্ৰিয় ছবি উপহাৰ দি অহা জনপ্ৰিয় আৰু প্ৰতিভাশালী পৰিচালক ‘মুন্না আহমেদ’ৰ নতুন ছবি ‘নিজানৰ গান’ৰ শ্বুটিং পুৰ্ন গতিত চলি আছে, হয় ছবিখনৰ মনোমোহা নামটোৱে ইতিমধ্যে দৰ্শকৰ পৰা সীমাহীন সহাৰি লাভ কৰিছে, ‘এ আৰ ইন্টাৰনেচনেল’ বেনাৰত ছবিখন প্ৰযোজনা কৰিব আগবাঢ়ি আহিছে সংস্কৃতিবান ব্যৱসায়ী উদ্যমী যুবক ‘হাইদৰ আলম আজাদ’, আজিকালি বিশেষকৈ দেখা যায় ‘ফিল্ম মেকিং’ ৰ একো নজনা বহুতো প্ৰযোজকে ছবি বনাবলৈ আহে, ছবিখন বনাবলৈ পইচা দিয়াহে প্ৰযোজকৰ কাম বুলি ভাৱে কিন্তুু ‘হাইদৰ আলম আজাদে’ নিজে আগতে ‘চুটি ছবি’, মিউজিক ভিডিও আদি বনাইছে আৰু তেওঁ এইক্ষেত্ৰখনৰ লগত প্ৰত্যক্ষভাৱে জড়িত, সেয়েহে তেওঁ বিশ্বাস দিছে যে দৰ্শকে তেওঁৰ প্ৰযোজনাত এখন সুন্দৰ ছবি চাবলৈ পাব| ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে স্বনামধন্য তথা সকলোৰে সন্মানীয় পৰিচালক ‘মুনিন বৰুৱা’ দেবে, ছবিখন চৰ্চিত হোৱা বহুকেইটা কাৰন আছে যদিওঁ ছবিখনৰ বৃহৎ  ষ্টাৰকাষ্টে ছবিখনৰ প্ৰতি দৰ্শকৰ বিশ্বাস দুগুন কৰিছে| হয় ছবিখনত অভিনয় কৰিছে বহুকেইগৰাকী তাৰকাই- যতীন বৰা, আইমী বৰুৱা, অমৃতা গগৈ,অৰুন নাথ, অনন্যা পাচনি, বিকি,দেৱজিৎ মজুমদাৰ,নৱাগত জ’ন হক, অতুল পাচনি, ভগৱৎ প্ৰিতম, মিনু বনিয়া, সিদ্ধাৰ্থ, মুখাৰ্জী, দীনেশ বিষয়া, নিলয় গুপ্তা, পাৰ্থ প্ৰতিম বৰুৱা,ৰুমি দত্ত, সঞ্জু দাস, মিন্টু আচলাম,মিংকু মনি নাথ ইত্যাদিয়ে আৰু অতিথি শিল্পীৰূপে অভিনয় কৰিছে ‘পদ্মৰাগ গোস্বামী’ আৰু ‘ভ্ৰান্তি মেধি’য়ে| ছবিখনৰ কাহিনীৰ মুল বিষয়বস্তুু হ’ল  সংগীত| এজন উদীয়মান সংগীতশিল্পী ,গায়কৰ জীৱনৰ ঘাট-প্ৰতিঘাটক লৈয়ে কাহিনীভাগ আগবাঢ়ে|

ছবিখনত সংগীত পৰিচালনা কৰিব মুম্বাইত প্ৰতিস্হিত অসম সন্তান ‘যতীন শৰ্মাই'(মাইনা)| বৰ্তমান সময়ত ছবি এখন বক্স অফিচত ভাল আৰম্ভনি  আৰু মুক্তিৰ আগতে প্ৰচাৰৰ বাবে গানবোৰ জনপ্ৰিয় হোৱাৰ খুবেই দৰকাৰ,সেয়েহে গীতবোৰত কন্ঠদান কৰিব – জুবিন গাৰ্গ, শ্ৰেয়া ঘোষাল, পাপন,নাহিদ ,চেমিমা খাতুন ইত্যাদিয়ে, ছবিখনৰ সংগীত খুবেই সুন্দৰ হ’ব বুলি অনুমান কৰিব পৰা যায়, আৱহ সংগীত দিছে – ‘ভগবৎ প্ৰিতম’, ছবিখনত মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছে প্ৰতিভাশালী ‘দীপক কুমাৰ ৰয়ে’ , চিনেমেট’গ্ৰাফী- ‘প্ৰদীপ দৈমাৰীৰ, সহকাৰী পৰিচালক হিচাপে আছে – ‘আমিন আহমেদ’, পৰেশ শইকীয়া, বিতোপন মহন্ত| মেক আপ দিছে – ‘ভাস্কৰ দত্ত’ই, কৰিঅগ্ৰাফাৰ – জিনি মহলীয়া,উদয় শংকৰ, প্ৰযোজনা ডিজাইন কৰিছে – ‘ফিজা শ্বেইখ’, ছবিখনৰ সম্পাদনা কৰিব- ‘সমুজ্জ্বল কাশ্যপে’,কলা পৰিচালনা কৰিছে – ‘জ্যোতি শংকৰ ভট্ট’ , প্ৰযোজনা নিয়ন্ত্ৰক- ‘মনোজ মিশ্ৰা’,সহকাৰী প্ৰযোজনা নিয়ন্ত্ৰক- ‘আব্দুল ৱাহেব আহমেদ’ আৰু ‘চাহিদুল ইচলাম’ | সহকাৰী কেমেৰা মেন হিচাপত আছে – উপেন চন্দ্ৰ বৰা, দি আই কালাৰ কৰিব- সুজিত বৰাই, ছবিখন নবেম্বৰত ছবিঘৰলৈ আহিব বুলি পৰিচালকে জানিবলৈ দিয়ে |ছবিখন ঘোষনা কৰাৰ পৰাই ছবিখনে চৰ্চা লাভ কৰি আহিছে, গতিকে এই ছবিখনক লৈ সকলো আশাবাদী, যোৱাবছৰ ‘দূৰদৰ্শন’, ‘গানে কি আনে ‘, ‘কথানদী’, শ্বাকিৰা আহিব বকুলতলৰ বিহুলৈ এইকেইখন ছবিয়ে বক্স অফিচত দৰ্শকৰ পৰা আশা কৰা ধৰনে সহাৰি লাভ কৰিছিল ঠিক সেইধৰনে ‘নিজানৰ গান’ ছবিখনে বক্স অফিচত ভাল ফল দেখুৱাব বুলি সকলো আশাবাদী |

LEAVE A REPLY

Please enter your comment!
Please enter your name here