Assamese Quotes on Life [Download Now]

Life is beautiful.

But sometimes we have a tough week, or we’ve been stuck in a rut for a while and actively seeking out inspiration. Life quotes are a great way to lift our spirits and get motivated. 

Here are some Assamese quotes on Life that will help you lead a more positive life. Life quotes play an important role in motivating us.

Assamese Quotes on Life

1. কষ্ট মানুহৰ জীৱনত সদায় নাথাকে, কিন্তু কষ্টৰ সময়ত আনে কৰা ব্যৱহাৰবোৰ চিৰজীৱন মনত থাকি যায় ৷

2. এজন মহান ব্যক্তিক চিনিব পৰা যায় সাধাৰণ মানুহৰ সৈতে কৰা তেওঁৰ ব্যৱহাৰ চাই ।

3. টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে।

4. ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহুত গুনেই বেছি।

Click on the images to download the quotes

5. সাৱধানে থাকিব সেইজনৰ পৰা যি আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ পাছ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈও কুণ্ঠাবোধ নকৰে।

6. মনৰ আইনখন চাফা কৰি ৰাখিবা নহলে কেতিয়া বা নিজৰ চেহেৰাটোৱে বিচাৰি নাপাবা।

7. মৃত্যুলৈ ভয় নকৰোঁ কিন্তু সপোনবিলাক হেৰাই যায় বুলিয়েহে ভয় লাগে।

8. আৰ্থিক অৱস্থা যিমানেই সুস্থ নহওঁক কিয় জীৱনৰ সঠিক আনন্দ লবলৈ হলে, মানসিক অৱস্থা ভাল হব লাগিব।

9. অহংকাৰ ৰূপৰ ওপৰত নহয় গুণৰ ওপৰত কৰা হে উচিত।

10. আমি মানুহবোৰে ভাবো উৰিব পৰাকৈ দুখন পাখি থকাহেঁতেন, আৰু পখীয়ে ভাবে থাকিবলৈ এটা ঘৰ পোৱা হেঁতেন।

11. জীৱনত এনেই এজন মানুহ থকাটো খুবেই প্ৰয়োজন যাক হৃদয়ৰ কথাবোৰ কবলৈ শব্দৰ প্ৰয়োজন নহয়।

12. মা সেইদিনাও কান্দিছিল লৰাই ভাত নাখাও বুলি কোৱাৰ বাবে, মা আজিও কান্দে লৰাৰ পৰা এমুঠি ভাত নোপোৱাৰ বাবে ।

13. আচলতে হৃদয় ডাঙৰ হোৱা প্ৰয়োজন, কথাটো সকলোৱে বৰ ডাঙৰ ডাঙৰ কৰে।

14. এই পৃথিৱীত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে পৰিয়াল আৰু প্ৰেম।

15. জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময় যিয়েই ক্ষণে ক্ষণে শিক্ষা দি যায়।

16. প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে।

17. যদি কাৰোবাক উপকাৰ কৰিব নোৱাৰে, তেন্তে কাৰো অপকাৰ কৰিবলেও চেষ্টা নকৰিব।

18. কাৰো পৰা একো আশা নকৰিবা, জীৱন যুঁজত নিজৰ ওপৰত ভৰষা কৰি আগবাঢ়ি যোৱা।

19. সুযোগৰ অপেক্ষাত থকা মানুহবোৰ সাধাৰণ হয় কিন্তু অসাধাৰণ ব্যক্তিবোৰ নিজে সুযোগ গঢ়ি তোলে।

Scroll to Top