Abhijit-tattoo

সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ জীৱনশৈলী,ষ্টাইল আদি সলনি হৈ গৈ থাকে,যোৱা বহু বহু বছৰৰ পৰা মানুহৰ দেহত ‘টেটু ‘ বনোৱা ষ্টাইল চলি আহিছে যদিওঁ আমাৰ ভাৰত বা অসমত তাৰ প্ৰভাৱ বেছিকৈ দেখা পোৱা হোৱা নাছিল, যোৱা কিছু বছৰৰ পৰা অসম বা ভাৰতৰ চাৰিওফালে ‘টেটু’ ৰ প্ৰয়োভৰ খুবেই বাঢিছে আৰু টাটু শিল্পী সকলে ইয়াক পেছাদাৰী হিচাপত লব পৰা পৰিবেশ আহি পৰিছে যিটো টেটু শিল্পী সকলৰ বাবে অতি ভাল খবৰ, এতিয়া গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন চহৰত টেটুৰ বিপনী দেখা গৈছে, অসমৰ টেটু ৰ ক্ষেত্ৰতখনত এক উল্লেখযোগ্য নাম হ’ল ‘অভিজিৎ চেতিয়া’ , হয় যাক বহুতে টেটু সম্ৰাট নামেৰে কব বিচাৰে ,তেওঁ তেওঁৰ সৃষ্টিশীল মন-মগজুৰে বহুতো উল্লেখযোগ্য টেটুৰ ডিজাইন কৰি আহিছে লগতে ভাৰতৰ বহুতো ঠাইত প্ৰংশসা তথা বটাওঁ লাভ কৰিবলৈ সক্ষম হৈছে |

যোৰহাটৰ ,গোঁহাইটেকেলাৰ ‘থুলন চেতিয়া’ আৰু ‘ৰীনা চেতিয়া’ৰ পুত্ৰ ‘অভিজিৎ চেতিয়া’ ২০০২ ৰ পৰা ২০০৮ লৈকে মডেলিং জগততো এক চিনাকি নাম আছিল ,তেওঁ মিঃ স্পান্ক,মিঃ আচাম আদিৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ,
তাৰ পিছলৈ তেওঁ মডেলিং বাদ দি টেটু জগতত খোজ দিয়ে ২০১১ চনত, কলকাতাৰ জনপ্ৰিয় টেটু আৰ্টিষ্ট ‘চানী ভাঞ্চুলীৰ তাত তেওঁ টেটুৰ ওপৰত প্ৰশিক্ষন তথা জ্ঞান আহৰন কৰে, ২০১৩ চনত তেওঁ “কোলকাতা নেচনেল টেটু কনভেনচন ” ত “শ্ৰেষ্ঠ ব্লেক এন্দ গ্ৰে হিলেড পিচ” বটা লাভ কৰে তাৰ পিছত “ৰ’য়েল গ্ৰুপ ইষ্টিটিউচনচ কনচেনৰিও টেটু ফেষ্টিবল”ৰ প্ৰথম দিনত প্ৰথম ৰানাৰ্চ আপৰ খিতাপ দখল কৰে, দিত্বীয় দিনা প্ৰথম স্হান লাভ কৰে আৰু তৃতীয় দিনাওঁ প্ৰথম স্হান দখল কৰিবলৈ সক্ষম হয় |

তেওঁৰ এতিয়া নিজাববীয়াকৈ ‘কৃভি টেটু’চ নামেৰে ২ খন টেটুৰ পাৰ্লাৰ আছে এখন যোৰহাটত আৰু এখন গুৱাহাটী,জু-ৰোড তিনিআলিত,টেটু প্ৰেমীয়ে তেওঁক যোগাযোগ কৰিব পাৰে – ৮৮৭৬৩৬০৭৯৫ নম্বৰত| তেওঁ এতিয়ালৈ ৩০০০ ৰ ওপৰত টেটু কৰি টেটু প্ৰেমীৰ পৰা সীমাহীন সহাৰি লাভ কৰিছে, বিশেষকৈ তেওঁ সৃষ্টিশীল ডিজাইনবোৰে খুব প্ৰংশসা লাভ কৰিছে | অসমৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা,অভিনেত্ৰী, মডেল আদিৰ তেওঁ টেটু অংকন কৰিছে, শেহতীয়াকৈ মুক্তি পোৱা বহুচৰ্চিত অসমীয়া ছবি ‘বহ্নিমান’ ৰ যতীন বৰাৰ টেটুবোৰ অভিজিৎ চেতিয়াই অংকন কৰিছে | ভৱিষ্যতে টেটুৰ জগতখনত নতুন সৃষ্টি,ডিজাইন আদি কৰি আৰু আগুৱাই যোৱাটোৱেই তেওঁৰ লক্ষ্য |