assamese-film-dur-review

#Dur Official review by #Bhukhan_Pathak

Thums up- সম্পুৰ্ন নতুনত্ব থকা ইউনিক কাহিনী/চিত্ৰনাট্য,
সকলোৰে দুৰ্দান্ত অভিনয় বিশেষকৈ #Amrita_gogoi,#Udayan_duarah,#Achinta_sankar ৰ, হিয়া চুইযোৱা আৱহ সংগীত আৰু অতি সুন্দৰ সংগীত, বলিষ্ঠ পৰিচালনা,সম্পাদনা , বহুকেইটা সুন্দৰ মেচেজ, অতি সুন্দৰ চিত্ৰগ্ৰহন,
অসমীয়া ছবিত নতুন Genre ৰ আৰম্ভনি, ছবিখনৰ সঠিক লক্ষ্য যুৱ প্ৰজন্ম,

Extraordinary প্ৰথমভাগ আৰু ছবিখনৰ ক্লাইমেক্স

Thums down- ছবিখনৰ নেতিবাচক দিশ বিচাৰিলেওঁ পাব কঠিন, তথাপি মোৰ চকুত সৰু দুই-এটা নেতিবাচক দিশ হ’ল- ছবিখন এখন পাৰ্ফেক্ট ছবি যদিওঁ প্ৰথম ভাগৰ এটা দৃশ্যত মানৱে যেতিয়া পূজাক বিল্ডিংঙৰ চাটৰ ওপৰত তাত এটা লুক শ্বট লাগিছিল ১ চেকেন্ডৰ হলেওঁ, High speed আৰু entertaining প্ৰথম ভাগৰ পিছত দ্বিতীয়ভাগৰ আৰম্ভনি অকনমান শ্লো কিন্তু অলপ পিছতে ছবিখনে পুৰ্ন গতি লয়, নিম্ন প্ৰচাৰ ৷

assamese film dur1

Story/Screenplay/Dialogue

#কংকন_ৰাজখোৱাৰ প্ৰথম ছবি “#চিঞৰ”ৰ চিত্ৰনাট্যৰ খুব প্ৰংশসা হৈছিল দৰ্শকৰ মাজত ,বিশেষকৈ ক্লাচ দৰ্শকৰ মাজত, “দূৰ” ছবিখনৰ চিত্ৰনাট্যৰ বাবেওঁ কংকন ৰাজখোৱাই সীমাহীন প্ৰংশসা লাভ কৰাটো খাটাং, এক এনেকুৱা চিত্ৰনাট্য যিয়ে দৰ্শকৰ চকু সকলো সময়ত স্ক্ৰীনত ৰাখিব, এক এনেকুৱা চিত্ৰনাট্য যিয়ে এক নতুন অনুভৱৰ সোৱাদ দিব দৰ্শকক, প্ৰথম ভাগটোয়ে আপোনাক সোৱাদ দিব এখন সুন্দৰ ৰোমান্টিক থ্ৰিলাৰৰ, দ্বিতীয় ভাগে আপোনাক সোৱাদ দিব এখন ট্ৰেজিক ৰোমান্টিক ফেমিলি ড্ৰামাৰ, আৰু ছবিখনৰ ক্লাইমেক্সে আপোনাক একেবাৰে চাৰপ্ৰাইজ কৰি পেলাবো কিয় তাৰ বাবে আপুনি ছবিখন চাব লাগিব, ছবিখনৰ সংলাপ লিখিছে #দেৱজিৎ_শৰ্মাই সংলাপবোৰ অতি সুন্দৰ আৰু মনপৰশা লগতে সুন্দৰকৈ কবিতাৰ ভাষা ব্যবহাৰ কৰা হৈছে, মানৱে যেতিয়া পূজাক অচিন্তৰ লগত বিল্ডিঙৰ চাটৰ ওপৰত দেখি পূজাক সন্দেহ কৰে সেই দৃশ্যটোত মানৱৰ লুক শ্বট এটা লাগিছিল বুলি মোৰ অনুভৱ হয়, দ্বিতীয় ভাগৰ প্ৰথম অংশ খিনিক আৰু অকন গতি দিলে সোনত সুৱগা হলহেতেন, এই দুটা সৰু দিশ বাদ দিলে “দূৰ” চিত্ৰনাট্যক মই শেহতীয়া সকলো ছবিৰ তুলনাত শ্ৰেষ্ঠ চিত্ৰনাট্য বুলি কম, হয়তো সাধাৰন দৰ্শকে এই দুটা দিশ লক্ষ্যই নকৰিব, মুঠতে “দূৰ” ৰ চিত্ৰনাট্য/সংলাপে মোক মোহিত কৰিছে ৷

assamese film dur1

Direction

মই আগতেওঁ লিখিছো কংকন ৰাজখোৱাৰ প্ৰথম ছবি “চিঞৰ” চাই তেওঁৰ পৰিচালনা/সম্পাদনাৰ অনুৰাগী হৈ পৰিছিলো কিন্তু “দূৰ” চাই এটা কথা কম যে, দূৰ আৰু চিঞৰ মাজত দুয়োখন ছবিয়ে মোৰ মনত সাজ বহুৱাইছে কিন্তু হয়তো দূৰ ছবিখন সকলো ধৰনৰ দৰ্শকে ভাল পাব ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যৰ বাবে, এইখন এখন ডাৰ্ক ছবি নহয়, আমি সকলোৱে জানো ডাৰ্ক ছবিবোৰ পৰিয়াল তথা টেলেভিচনত অলপ কমকৈ চোৱা যায়, কংকন ৰাজখোৱাই অভিনেতা/অভিনেত্ৰী সকলোৰ পৰা তেওঁলোকৰ শ্ৰেষ্ঠ অভিনয় উলিয়াই ছবিখনক এক অনন্য মাত্ৰা দিছে, এক অতি ব্যতিক্ৰমি উন্নত পৰিচালনা তথা সম্পাদনাৰ বাবে “দূৰ” ৰ অধিনায়ক কংকন ৰাজখোৱালৈ মোৰ ফালৰ পৰা অভিনন্দন তথা শুভকামনা থাকিল ৷
His direction is just outstanding.

Performance

“দূৰ” ছবিখন যদি চাৰিওঁফালে প্ৰংশসা লাভ কৰে তাৰ মুখ্য কাৰন ছবিখনৰ অভিনেতা /অভিনেত্ৰী সকলে কৰা অনন্য আৰু বলিষ্ঠ অভিনয়, প্ৰথমেই নাম লম মোহময়ী তথা প্ৰতিভাৰে ভৰপুৰ জনপ্ৰিয় অভিনেত্ৰী “#অমৃতা_গগৈ” ৰ, অমৃতাই প্ৰথম ছবি অহেতুক ত সকলোকে দেখাই দিছিল যে তেওঁ কেনেকৈ তেওঁৰ অভিনয়েৰে সকলোৰে মন জয় কৰিব পাৰে আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বটা লাভ কৰি চমক দিছিল, দূৰ অমৃতাৰ মুখ্য চৰিত্ৰত দ্বিতীয় ছবি, কিন্তু “দূৰ” ত তেওঁৰ অভিনয়ৰ উচ্চতা আৰু বহুত ওপৰলৈ গুচি গৈছে, মই নিশ্চয়কৈ কব পাৰো যে অমৃতাৰ এতিয়ালৈকে চোৱা শ্ৰেষ্ঠ অভিনয়ে হল “দুৰ”, তেওঁ “দুৰ” ত কৰা পুজা চৰিত্ৰটোৰ ৰ বাবেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বটা পোৱাৰ সম্পুৰ্ন যোগ্য, ইতিমধ্যে বিভিন্ন শ্বোত ঘোষক হিচাপে #উদয়ন_দুৱৰা অসমত ইতিমধ্যে জনপ্ৰিয় তেওঁ প্ৰথমবাৰৰ বাবে ছবিজগতত অভিনয় জগতলৈ আহিছে “দূৰ” ৰ দ্বাৰাই, ছবিখনৰ মুখ্য নায়কৰ চৰিত্ৰত প্ৰথম ছবিতে উদয়ন দুৱৰাই তেওঁৰ নেচাৰেল অভিনয়ৰে সকলোৰে প্ৰংশসা পোৱাটো নিশ্চিত, হয় তেওঁ মানৱৰ চৰিত্ৰটো ইমান সুন্দৰকৈ ফুটাই তুলিছে যে কোনেওঁ কব নোৱাৰে তেওঁ এইখন প্ৰথম ছবি, অবশ্যে তেওঁৰ আন এখন ছবি বকুল মুক্তি পোৱা নাই যদিওঁ তাত তেওঁৰ অভিনয় প্ৰংশসা ইকানে-সিকানে শুনিব পাইছিলো, উদয়ন দুৱৰাৰ ভৱিষ্যত উজ্বল বুলি এতিয়াই ধাৰনা কৰিব পাৰি, উদয়ন-অমৃতাৰ যুটি সোনত সুৱগা, ছবিখনৰ আন এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে আন এগৰাকী বলিষ্ঠ অভিনেতা #অচিন্ত_শংকৰে, তেওঁ এগৰাকী চাইকো প্ৰেমিকৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছে, তেওঁ ভিলেইনৰ চৰিত্ৰটো ইমান সুন্দৰকৈ ৰুপায়ন কৰিছে যে তেওঁলৈ দৰ্শকৰ খং উপজিব, আৰু বাকী চৰিত্ৰবোৰত আমাৰ শ্ৰদ্ধাৰ #বিষ্ণু_খাৰঘৰীয়া, #বিজু_ফুকন, #প্ৰতিভা_চৌধুৰী এওঁলোক নিজৰ নিজৰ ঠাইত একো একোটা অভিনযৰ ভান্ডাৰ, তেওঁলোকে সদায দৰ্শকৰ মনত সুকীয়া স্হান লাভ কৰি আহিছে আৰু ভবিষ্যতেওঁ থাকিব ৷

assamese film dur1

Music

ছবিখনৰ সংগীত খুবেই মনপৰশা আৰু ছবিখনৰ এক উল্লেখযোগ্য অংগ, অতি উন্নতমানৰ সংগীতে ছবিখনক এক অনন্য মাত্ৰা দিছে, কাৰন ৰোমান্টিক ছবিত ভাল সংগীতৰ খুবেই দৰকাৰ, গানবোৰ ভৱামতে জনপ্ৰিয় বা দৰ্শকৰ মাজত হিট হোৱা নাই যদিওঁ ছবিখন চালে গানবোৰ ভাল লাগে, ছবিখনৰ সংগীত দিছে #সিদ্ধাৰ্থ_হাজৰিকা আৰু #ৰাহুল_দেৱ_নাথ গান লিখিছে #ৰাজদ্বীপ আৰু #কল্পজ্যোতি_দত্তই, গানৰ কথাবোৰ খুব সুন্দৰ, বিশেষকৈ ছবিখনৰ আৱহ সংগীতে মোৰ হিয়া চুই পেলাইছে, দুখ,সুখ,চাচপেন্স,আনন্দ সকলোবোৰ দৃশ্যক সোনত সুৱগা কৰি দৰ্শকৰ হিয়াত impact দিয়াৰ কাৰনটোই সুন্দৰ অভিনয় আৰু মনপৰশা আৱহ সংগীত,
Extraordinary background score,

Cinematography

ছবিখন উন্নত মানদন্ডৰ কেমেৰা এৰি আলেক্সাৰে শ্বুট কৰা হৈছে, আৰু কেমেৰাৰ কাম অতি সুন্দৰ হৈছে বুলি কব পাৰি, ছবিখন কেমেৰাত বন্দী কৰিছে প্ৰতিভাশালী চিনেমেটোগ্ৰাফাৰ #বিপ্লৱজ্যোতি_দলেই লগতে ছবিখন প্ৰযোজনাওঁ কৰিছে বিপ্লৱজ্যোতি দলেই ৷

Production

জানিব পৰা অনুসৰি প্ৰথম অবস্হাত কোনো প্ৰযোজক নোহোৱাকৈ ছবিখনৰ চিত্ৰগ্ৰহন আৰম্ভ কৰা হৈছিল কিন্তু পিছলৈ ছবিখনৰ কাহিনী ইমান ভাল পালে যে চিত্ৰগ্ৰহনকাৰী বিপ্লৱজ্যোতি দলেই ছবিখন প্ৰযোজনা কৰাৰ সিদ্ধান্ত ললে ৷

assamese film dur1

Overall

“Dur” এখন অতি উন্নতমানদন্ডৰ টেকলিকেলি চাউন্ড, সুন্দৰ ব্যতিক্ৰমী ফ্ৰেছ কাহিনী ,ষ্ট্ৰং চিত্ৰনাট্য, মনত সাচ বহুৱা অভিনয়, জাগ্ৰত পৰিচালনাৰে ভৰপুৰ মনোৰন্জ্ঞনধৰ্মী ছবি, আপুনি কিন্তু মচালা এন্টাৰটেইনাৰ দৰে মনোৰন্জ্ঞন বিচাৰি গৈ লাভ নাই কাৰন ছবিখনত আপুনি লজিক বিচাৰি পাব, ছবিখন চাই অহাৰ পিছত আপুনি হয়তো ভাবিৱলৈ বাধ্য হব যে কিছুমান কথা বা কাম যিটো আমি কৰিব নালাগিছিল যাৰ ফলত নিজৰ বা নিজৰ আপোনজনৰ বা আন কাৰোবাৰ জীৱনটো বিপদৰ পিনে যাব লাগে সেই কামটো কৰি পেলাই ভৱাতকৈ কৰাৰ আগতে ভাৱিলে আপুনি,আপোনজন,বেলেগ বিপদত নপৰিব বা কিবা হেৰুৱাব লগা নহব তাৰ লগতে বহুকেইটা সৰু ডাঙৰ মেচেজ ছবিখনে দৰ্শকলৈ দিবলৈ সক্ষম,
এই বিহুৰ শুভক্ষনত পৰিয়াল,বন্ধু আদিৰ লগত যাওঁক আৰু ছবিখন ছবিঘৰত উপভোগ কৰক ৷
Don’t miss “Dur”,
a must watch film.

My rating – 4.25/5 *’/**

সকলোৈল ভোগালীৰ হিয়াভৰা ওলগ জনাইছো ৷
Thank you.
#ভূষন_পাঠক

Check us For More Entertainment News