Thums up– টেকনিকেলী উন্নতমানদন্দৰ এখন ছবি,
ছবিখনৰ তীব্ৰ গতি,
যতীন বৰা,য়শপাল শৰ্মা,অৰুন হাজৰিকা আদিৰ অনবদ্য অভিনয়,
বহুতো বলিষ্ঠ সংলাপ,
অতি সুন্দৰ চিনেমেটোগ্ৰাফী,
পৰিচালকৰ ছবিখন উপস্হাপন কৰা ষ্টাইল,
ছবিখনৰ কাষ্টিং,
সুন্দৰ VFX ক্লাইমেক্স দৃশ্যটোৰ বাহিৰে,
ছবিখনৰ ফ্ৰেছ লুক,
Outstanding প্ৰথম ভাগ,
Thums down– ইন্টাৰভেলৰ পিছত দ্বিতীয় অংশৰ দুই এটা দুৰ্বল দৃশ্য,
অকস্মাৎ ফ্লেচবেকৰ দুটামান দুৰ্বল দৃশ্য,
কাহিনীত আৰু অলপ নতুনত্ব অানিব পাৰিলেহেতেন,
দুটামান চৰিত্ৰত আৰু উন্নত কষ্টিউম পিন্ধাৰ দৰকাৰ আছিল (চৰিত্ৰ কেইটা মনোমোহা হৈ উঠিলহেতেন,)
হিট গানৰ অভাৱ
Read Here: 6 Reasons to Watch Assamese Film Bahniman
Story – Screenplay and Dialogues
ছবিখনৰ কাহিনী/চিত্ৰনাট্য/সংলাপ পৰিচালক বিশ্বজিৎ বৰাই নিজে লিখিছে, ছবিখনৰ কাহিনী বা কাহিনীৰ পটভূমি কোনো নতুন নহয় কিন্তু presentations ষ্টাইলে ছবিখনৰ কাহিনীটোত দৰ্শকক বোৰিং নকৰিব, কাৰন ছবিখনৰ লুক খুবেই ফ্ৰেছ আৰু আধুনিক, চিত্ৰনাট্য খুবেই সুন্দৰ হৈছে দৰ্শকক স্ক্ৰীনত চকু ৰখাত বাধ্য কৰাব, অকল ফ্লেছবেকৰ কেইটামান দৃশ্য আৰ দুই এটা দৃশ্য আৰু উন্নত কৰাৰ দৰকাৰ আছিল, এটা দৃশ্যত হিৰো বিক্ৰমৰ হাতত গুলী লাগে তাৰ পিছৰ দৃশ্যটোতে তেওঁক দেখুওৱা হয় কিন্তু তেওঁৰ হাতত কোনো আঘাতৰ চিন নাই, তেনেকুৱা দুই এটা সৰু সুৰা ভুল আছে, কিন্তু বাকী দৃশ্যবোৰে আপোনাক অলপো বিৰক্তি হবলৈ নিদিয়ে, ছবিখনৰ সংলাপ ছবিখনৰ জান হয় বিশেষকৈ যতীন বৰাৰ মুখত ধামাকেদাৰ সংলাপবোৰ সোনত সোৱগা দিছে, য়শপাল শৰ্মা আৰু ৰিমি হাজৰিকাৰ সংলাপবোৰওঁ দৰ্শকক আমোদ দিব বুলি ভাৱো ৷
Direction
ছবিখনৰ পৰিচালনা কৰিছে Biswajeet bora,
তেওঁ ইতিমধ্যে বলিউডত “এইছা হে জাহান” ছবিখন পৰিচালনা কৰি প্ৰংশসা বুটলিবলৈ সক্ষম হৈছে, বহ্নিমান ছবিখনৰ পৰিচালনা খুবেই সুন্দৰ হৈছে, তেওঁ ছবিখনৰ সকলো বিভাগত এক সুকীয়া বানিজ্যিক ট্ৰিটমেন্ট বা ফ্ৰেছনেচেৰে দৰ্শকৰ বাবে সুন্দৰকৈ তৈয়াৰ কৰিছে যাৰ ফলত ছবিখনৰ লুক,পোষ্টাৰ,ট্ৰেইলাৰ দেখি ছবিখন চাম বুলি ভাবি আছিল সকলো দৰ্শকে,
কিন্তু তেওঁ কাহিনীটোৰ দ্বিতীয় ভাগত আৰু উন্নত কৰিব পাৰিলেহেতেন যেন মোৰ অনুভৱ হয়, কিন্তু তেওঁ আৰ্টিষ্ট বোৰৰ পৰা ১০০ শংতাশই সুন্দৰ কাম উলিয়াইছে, ছবিখনৰ হোমৱৰ্ক তেওঁ সুন্দৰকৈ কৰিছিল, তেওঁক অভিনন্দন জনালো ৷
Performance
চুপাৰষ্টাৰ #যতীন_বৰা অভিনয়ৰ মাষ্টাৰ বা প্ৰধান শিক্ষক নহয় তেওঁ অভিনয়ৰ গোটেই institution হয় :),
ছবিখনত তেওঁৰ প্ৰথম দৃশ্যেত তেওঁ যিটো এন্ট্ৰি আৰু স্ক্ৰীনত উপস্হিতি দিছে OMG প্ৰংশসাৰ সীমা নাই,
ছবিখনত তেওঁৰ লুক,সংলাপ কোৱা ষ্টাইল খুবেই আকৰ্ষনীয়, তেওঁ hard hitting অভিনয় কৰিছে,
He nailed it,
মুম্বাইৰ বহুতো বলিউড ছবি যেনে- গংগাজল,ৰাউডী ৰাথোড,সিং ইজ কিং,লগান ইত্যাদি ছবিত বলিষ্ঠ অভিনয় কৰা #য়শপাল_শৰ্মাই বহ্নিমানৰ মুখ্য খলনায়কৰ চৰিত্ৰত বলিষ্ঠ অভিনয়েৰে সকলোৰে প্ৰংশসা লাভ কৰাটো খাটাং,
মুম্বাইৰ আন এজন অভিনেতা/মডেল #ৰবিয়ে সুন্দৰ অভিনয় কৰা দেখা গৈছে, তেওঁৰ কন্ঠটো বেলেগে দিছে যদিওঁ শ্বুটিংঙৰ সময়ত তেওঁৰ অসমীয়া উচ্চাৰনবোৰ খুব সুন্দৰ হৈছে বুলি আন্দাজ কৰিব পাৰি, মুখ্য অভিনেত্ৰী #ৰিমি_হাজৰিকাই পুলিচৰ চৰিত্ৰত ভাল অভিনয় কৰিছে বুলি কব পাৰি, বিশেষকৈ পুলিচৰ ড্ৰেছত তেওঁৰ স্ক্ৰীনত উপস্হিতি খুবেই আকৰ্ষনীয়,
আমাৰ নেত্ৰ কাই #অৰুন_হাজৰিকাই কমেডি পুলিচ ইন্সপেক্টৰৰ চৰিত্ৰত খুবেই প্ৰংশসনীয় অভিনয় কৰিছে, তেওঁৰ যিমানেই প্ৰংশসা কৰিম সিমানেই কম হব, ছবিখনৰ প্ৰথমৰ পৰা শেষলৈ যতীন বৰাৰ গেংত থকা #মনোজ_গগৈয়ে ভিলেইন ৰুপে নিজকে ১০০% প্ৰস্তুত কৰি তুলিছিল,তেওঁৰ অভিনয়,লুক দেখিলে এটা কথাই কম “He delivered a rocking performance”, আমাৰ সকলোৰে শ্ৰদ্ধাৰ #বিষ্ণু_খাৰঘৰীয়া দেবেওঁ অতি সুন্দৰ অভিনয় কৰিছে,
#মহাদেৱ_ডেকা বেছি সংলাপ নাই যদিওঁ তেওঁৰ উপস্হিতি আৰু তেওঁৰ Shirtless দৃশ্যই সকলোকে আনন্দ দিয়াটো খাটাং,
#বাহাৰুল_ইছলাম,#চম্পক_শৰ্মা,#ৰীনা_বৰা ইত্যাদি সকলোৱে ভাল অভিনয় কৰিছে বুলি কব পাৰি,
Music
ছবিখনত গানৰ ঠাই কম আছে, কিন্তু যিকেইটা গান আছে ভালেই বুলি কব পাৰি, #Papon ৰ কন্ঠত গান এটা মোৰ বহুত ভাল লাগিছে, সংগীত পৰিচালনা কৰিছে #যতীন_শৰ্মাই, ছবিখনত ৰোমান্টিক এংগল কম আছে গতিকে গানৰ ঠাই কম,
কিন্তু হিট গান দিব পাৰিলে ছবিৰ অপেনিংত বহুত ইতিবাচক ফল পোৱা যায়, যিকি নহয় ছবিখনৰ সংগীত ঠিক ঠাক কিন্তু আৱহ সংগীত খুবেই সুন্দৰ ৷ #জুবিন_গাৰ্গ আৰু #কল্পনা_পাটোৱাৰিৰ দৰে গায়ক গায়িকায়ো ছবিখনত গান গাইছে ৷
Cinematography (DOP)
ছবিখনৰ এটা ষ্ট্ৰং মুল্যবান দিশ, দ্ৰোন কেমেৰাত গোটেই গুৱাহাটীখন বিদেশ যেন লাগিছে, আমাৰ গুৱাহাটীখন ইমান সুন্দৰ নে? এনেকুৱা লাগিছে, ছবিখনৰ বাকী শ্বট,দৃশ্যবোৰৰ কেমেৰাৰ কাম সচাকৈ বলিউড লেবেলৰ হৈছে Outstanding, ছবিখনৰ DOP আছিল #টিটু_জোনাই তেওঁ অতি উন্নতমানৰ কাম দৰ্শকক উপহাৰ দিছে,
Production
SantoshiMaaProduction ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে #বৰ্নালী_হাজৰিকাই, তেওঁ ধন্যবাদৰ পাত্ৰ কাৰন তেওঁ ছবিখনৰ বাজেটত,প্ৰচাৰত কোনো কৃপনালি কৰা নাই, কিন্তু মুক্তিৰ দিনটো ইমান সুবিধাজনক নহল বাৰু কিন্তু তথাপি ছবিখন চাবলৈ দৰ্শক আহিব বুলি আশা আছে, ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰবোৰ খুবেই সুন্দৰ হৈছিল তাৰ ফলত মুক্তিৰ আগতেই ছবিখনে buzz তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল, ছবিখনৰ এক্সন পৰিচালনা কৰিছিল মুম্বাইৰ #কৌশল_মোছেছে,
Final Word
বহ্নিমান এখন এক্সন,থ্ৰিলাৰ,চাচপেন্স,মচালেৰে ভৰপুৰ মনোৰন্ঞ্জনধৰ্মী ছবি, ছবিখনৰ কাহিনীত কোনো বেছি নতুনত্ব বিচাৰি নাযায় এন্টাৰটেইন্টমেন্ট,অভিনয়,বলিষ্ঠ সংলাপ,সুন্দৰ চিনেমেটোগ্ৰাফী, চিত্ৰনাট্যৰ বাবে ছবিখন ছবিঘৰত নিশ্চয় এবাৰ চাব, ছবিখনে আপোনাক নিৰাশ নকৰে, দুই এটা সৰু সুৰা ভুল নিশ্চয় আছে কিন্তু ছবিখনৰ ট্ৰিটমেন্টে আপোনাক ধৰি ৰাখিব, পৰিয়ালৰ সকলোৰে উপভোগ্য বহ্নিমান, ছবিখনে বক্স অফিচত সফলতা পাব বুলি আশা কৰিলো ৷
My rating- */** 4/5
(ছবিখনক মই 3.5 star দিলোহেতেন কিন্তু Fantastic camera,Acting আৰু ছবিখনৰ লুকৰ বাবে 4 star 🙂