দিল্লীত ফেশ্বনত জিলিকিছে “বুলবুলী ফুকন”

যোৱা ২৫ এপ্ৰিলত দিল্লীৰ “কিংচ অফ ড্ৰিমচ” প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘মিচেচ চাউথ এছিয়া ইন্দিয়া ২০১৭’ নামৰ ফেশ্বন প্ৰতিযোগিতাত “মিচেচ এডোৰেব’ল” টাইটেলেৰে জিলিকি উঠিছে যোৰহাট অসমৰ কন্যা “বুলবুলী ফুকন” তেওঁ প্ৰথমবাৰৰ বাবে কোনো ফেশ্বন প্ৰতিযোগিতাত অংশগ্ৰহন কৰে আৰু তাতেই সফলতা লাভ কৰিবলৈ সক্ষম হয়, তেওঁৰ এই সফলতাত তেওঁক সদায় উৎসাহ-উদ্দীপনা দি অহা তেওঁৰ স্বামী ‘প্ৰাঞ্জল বৰা’ খুবেই সুখী, তেওঁ প্ৰতিটো মুহুৰ্তত নিজৰ পত্নীক পূৰ্ন সহাৰি দি আহিছিল লগতে বুলবুলীৰ দুলীয়াজানৰ পিতৃ-মাতৃ ‘মনমোহন ফুকন’ আৰু ‘মিনাক্ষী ফুকন’ৰ আৰ্শীবাদ তথা সহাৰীৰ তেওঁ ফেশ্বন জগতলৈ আহিব পাৰিছে বুলি তেওঁ জনায়, “বুলবুলী ফুকনৰ” ৰেম্পত এয়া প্ৰথম সফলতা যদিওঁ ইয়াৰ আগতে অসমৰ আগশাৰীৰ আলোচনী “প্ৰিয় সখীত” দুবাৰকৈ বেটুপাত শুৱনি কৰে |

বুলবুলী ফুকন এগৰাকী গৃহিনী, এগৰাকী মাতৃ হোৱাৰ লগতে তেওঁ “সামুহিক স্বাস্হ্য বিষয়া” হিচাপে চৰকাৰী চাকৰিওঁ কৰি আছে তাৰ মাজতে নিজকে ফেশ্বনৰ বাবে তৈয়াৰ কৰি প্ৰতিযোগিতাত সফলতা পোৱা সহজ নাছিল, বুলবুলী ফুকনৰ ধৈৰ্য্য আৰু কষ্টৰ প্ৰংশসা কৰিবলগীয়া, তেওঁ চাকৰি তথা ঘৰৰ ব্যস্ততাৰ বাবে আন আন প্ৰতিযোগিতা বা শ্বোত অংশগ্ৰহন কৰিব পৰা নাই কিন্তুু তেওঁ ফেশ্বনত আৰু আগুৱাই যাবলৈ তেওঁ চিৰ প্ৰতিজ্ঞ, তেওঁ ভৱিষ্যতে ভাল ভাল বিজ্ঞাপনত মডেল হিচাপে কাম কৰাৰ লগতে অভিনয় কৰাৰ হেপাহ পুহি ৰাখিছে, তেওঁৰ এই যাত্ৰা অব্যাহত থাকে যেন তাৰেই কামনা কৰিছো আৰু তেওঁক অভিনন্দন তথা শুভকামনা জনাইছো |

ভূষন পাঠক (৯৭০৭৩৪৭৯৬৯)

Previous articleপ্ৰতিভাশালী শিশু অভিনেতা “তন্ময় বৰুৱা”
Next articleমিচেচ চাইথ এছিয়াত জিলিকিছে বুলুমনি নাথ
Bhukhan Pathak is a Cine Journalist /Actor /Model based in Guwahati. He has written more than 2000 articles in last 2 years. His articles and reviews publish on all the top newspapers and magazines of Assam. He has also appeared in a few music videos and television serials. Bhukhan Pathak - Facebook Profile 2