মিচেচ চাইথ এছিয়াত জিলিকিছে বুলুমনি নাথ

যোৱা ২৫ এপ্ৰিলত দিল্লীৰ ‘ড্ৰিমছ অফ কিংদম’ত অনুষ্ঠিত হৈ যায় এক ফেশ্বনৰ মেগা প্ৰতিযোগিতা ‘মিচেচ চাউথ এছিয়া ২০১৭” য’ত “মিচেচ এঞ্জেলিকা চাবটাইটেলেৰে জিলিকি উঠে অসমৰ “বুলুমনি নাথ”| সৰুৰ পৰাই ফেশ্বনৰ প্ৰতি অগাধ নিচা থকা বুলুমনিৰ ঘৰ গোৱালপাৰাত যদিওঁ এতিয়া তেওঁ গুৱাহাটীৰ স্হায়ী বাসিন্দা| ফেশ্বনৰ প্ৰতি তেওঁৰ অগাধ শ্ৰদ্ধা আৰু হেপাহে তেওঁক বিবাহৰ পিছত হ’লেওঁ ফেশ্বনৰ জগতখনলৈ টানি আনিছিল সেয়েহে তেওঁ কেইমাহমান আগতে ‘মিচেচ ইন্দিয়া হোমমেকাৰ্চ ২০১৭’ ফেশ্বনৰ বিশাল প্ৰতিযোগিতা খনত ভাগ লয় আৰু তাতো সফলতা লাভ কৰে আৰু ‘মিচেচ ইন্দিয়া হোমমেকাৰ্চ’ ‘ভিভাছিয়াছ’ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল| তেওঁৰ এই সফলতাত তেওঁৰ লগতে তেওঁৰ পৰিয়াল আৰু তেওঁক সদায় সমৰ্থন কৰি অহা তেওঁৰ স্বামী ‘ভূবন নাথ’ খুবেই সুখী, তেওঁ সকলো সময়তে বুলুমনি নাথক উৎসাহ-উদ্দীপনা দি আহিছে, মিচেচ চাউথ এছিয়া নামৰ ফেশ্বনৰ বিশাল প্ৰতিযোগিতা খনত সৰ্বমুঠ প্ৰতিযোগী আছিল ৩০ গৰাকী আৰু প্ৰতিযোগিতা খনৰ আয়োজক আছিল ‘নাজ জোশী’|

বুলুমনি নাথে ফেশ্বনৰ লগতে বহুতো সামাজিক কামৰ লগত জড়িত হৈ আছে, তেওঁ ‘অক্ষয় পাত্ৰ’ এন.জি.অ. টোৰ দ্বাৰাই এগৰাকী ছোৱালীৰ খোৱা আৰু পঢ়াৰ দায়িত্ব বহন কৰিছে, তেওঁৰ এই মহাম কামক আমি প্ৰংশসা কৰিছো, সহায়হীনক সহায় কৰাটো আমাৰ দায়িত্ব| বুলুমনি নাথৰ প্ৰিয় মডেল হ’ল- উৰ্বশী ৰৌটেলা,মধু চাপ্ৰে আৰু প্ৰিয় অভিনেত্ৰী- সোনাক্ষী সিনহা, ভৱিষ্যতে তেওঁ ফেশ্বনৰ জগতত আৰু আগুৱাই গৈ আকৌ অসম তথা ভাৰতৰ ফেশ্বনৰ জগতত নিজৰ নাম উজলাবলৈ চেষ্টা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে, উল্লেখযোগ্য যে এনেকুৱা প্ৰতিযোগিতা বোৰে বিবাহিত মহিলা সকলক নিজৰ সপোনবোৰ পূৰন কৰাত বিবাহৰ পিছতো সম্ভৱ কৰি তোলে|