এক সম্পুৰ্ন নতুন কাহিনী আৰু concept ৰে #দুৰদৰ্শন-এটি যন্ত্ৰ , ছবিখনে কিছুপৰিমানে আপোনাক নষ্টালজিক কৰি তুলিব,
#Story_Screenplay_dialogue- ছবিখনৰ কাহিনী তেতিয়াৰ যেতিয়া গাওঁ অন্ঞ্চলত টেলেভিচন বিস্তাৰ হবলৈ আৰম্ভ হৈছিল আৰু টিভিক লৈ মানুহৰ মাজত কেনেকুৱা উৎসুকতা আছিল, গাওঁৰ এঘৰৰ টিভি টোকে গোটেই গাওঁৰ মানুহে চাবলৈ গৈছিল, তাৰ মাজত বহুতো হাস্যৰসিক,ট্ৰেজিক,ৰোমান্স আদি কাহিনীৰে আগবাঢিছে, শেষত যতীন বৰাই খুবেই এটা ষ্ট্ৰ মেচেজ দৰ্শকক দিয়ে|
ছবিখনৰ কাহিনী হিচাপত চিত্ৰনাট্য আৰু উন্নত কৰিব পাৰিলেহেতেন বুলি মোৰ অনুভৱ হয়, কিছুমান দৃশ্য লগাতকৈ অকনমান বেছি দীঘল হৈছে, কিন্তু বাকী চিত্ৰনাট্যৰ বেছিভাগ দৃশ্যই আপোনাক মনোৰন্জন দিবলৈ পুৰ্নভাৱে সক্ষম,
ছবিখনৰ কাহিনী চিত্ৰনাট্যই আপোনাক সমানে কমেডী,ৰোমান্স,ট্ৰেজেডী,চাচপেন্সৰ অনুভব কৰাব, ছবিখন মই পুৰ্নভাবে কমেডী ছবি বুলি কব নোৱাৰো কাৰন ছবিখনত সকলো element আছে, সম্পুৰ্ন এটা পেকেজ ৷
ছবিখনৰ কেইটামান সংলাপ ঠিক ঠাক যদিওঁ যতীন বৰাৰ সংলাপ কোৱাৰ বলিষ্ঠ শৈলী,মম্নথ দাৰ কেইটামান সংলাপে দৰ্শকক হহুৱাবলৈ বাধ্য কৰাব, আৰু বেলেগ বহুতো ভাল সংলাপ ছবিখনত আছে ৷
3.5/5
#Direction- #ৰাজেশ_ভূঞাই পৰিচালনাত সদায় ভাল কাম উপহাৰ দি আহিছে দৰ্শকক,
এইবাৰো তেওঁ নিৰাশ কৰা নাই, অতি সুন্দৰ পৰিচালনাৰে তেওঁ বেছিভাগ অভিনেতা/অভিনেত্ৰীৰ অতি উন্নতমানৰ কাম উলিয়াইছে, কিন্তু দুই তিনিজন অভিনেতাৰ অভিনয় বেছি loud যেন লাগিছে,
খলা বমা ৰাষ্টাৰ লগতে গাওঁলৈ এখনে বাছ চলাচল কৰা দেখুওৱা হৈছে , দেখি আগৰ কথা মনত পৰিছে, এতিয়াওঁ বাৰু কিছু ঠাইত তেনেকুৱা ৰাষ্টা আছে, মোৰ অনুভৱ হৈছে ছবিখনত ব্যৱহাৰ হোৱা বস্তুবোৰ যেনে- ৰঙীন টিভিৰ ঠাইত কলা বগা টিভি, চলাচল কৰা টেবুলৰ ঠাইত কাঠৰ টেবুল ইত্যাদি আৰু অলপ পুৰনি ব্যৱহাৰ কৰিব লাগিছিল তেতিয়া সোনত সুৱগা হলহেতেন, চিত্ৰনাট্য ষ্ট্ৰ নোহোৱাৰ পিছতো তেওঁৰ পৰিচালনাত ছবিখনে দৰ্শকক নিৰাশ নকৰিব, যিকি নহওঁক তেওঁ সুন্দৰ পৰিচালনা কৰিছে বুলি কব পাৰি ৷
3.5/5
#Perfomance- ছবিখনত ৬২ জন অভিনেতা অভিনেত্ৰীৰ অভিনয়ৰ ক্ষেত্ৰত ফুল মাৰ্ক দিব পাৰি কেৱল কেইটামান দৃশ্যত অলপ বেছি loud অভিনয় দেখা গৈছে,
সদায় বলিষ্ঠ অভিনয় উপহাৰ দি অহা #যতীন_বৰা দুৰদৰ্শনত এক অনন্য ৰুপত অনবদ্য অভিনয় কৰিছে,
#অজয়_দেবগন #Drishyam ত কৰা অভিনয়ৰ সমানেই উন্নতমানৰ আৰু লুকটো একেই,পৰিয়াল থকা মানুহ,
দৃশ্যম বাৰু থ্ৰিলাৰ ছবি এইখন মচালা এন্টাৰটেইনাৰ সেইটোই পাৰ্থক্য ,
#প্ৰস্তুুতি_পৰাশৰৰ অভিনয়ৰ তুলনা নাই, এইবাৰ কমেডীত প্ৰস্তুুতি পৰাশৰে fantastic কাম কৰিছে, অসমীয়া বোৱাৰী হিচাপে প্ৰস্তুতি পৰাশৰক সোনত সুৱগা যেন লাগিছে, #উৎপল_দাস ৰোমান্টিক চৰিত্ৰত সদায়ৰ দৰে Outstanding (Romeo), Moonmi Phukan য়ে মুছলিম ছোৱালীৰ চৰিত্ৰত খুবেই প্ৰংশসনীয় অভিনয় কৰিছে (one of her career best so far), তাৰ বাহিৰে #প্ৰসেনজিত, Siddhartha Sharma, #মম্নথ দা,#হিমান্শু_প্ৰসাদ_দাস ,#ৰাজীব_ক্ৰ,#সৌৰভ_হাজৰিকা ইত্যাদি ইত্যাদি সকলোৱে অভিনয়ৰ ক্ষেত্ৰত ফুল মাৰ্ক পাব ৷
4/5
#DOP- আশা কৰামতে নাপালো যদিওঁ কাহিনী আৰু অভিনয়ে সেইবোৰ চাবলৈ সময় কম দিছে ৷ 🙂
3/5
#Music- #মৌচম_গগৈৰ সংগীতেৰে #জুবিন দাৰ গানকেইটা খুবেই উন্নতমানৰ আৰু এটা গান অতি উন্নতমানেৰে শ্বুটিং কৰা হৈছে ,
কিন্তু ছবিখন মুক্তি হোৱাৰ আগতে গানকেইটা জনপ্ৰিয় হলে ভাল ৷
3/5
#Overall- যোৱা কিছু সময়ত মুক্তি পোৱা কিছুমান অসমীয়া ছবিবোৰৰ তুলনাত এইখন মনোৰন্জনেৰে ভৰপুৰ ছবি,
এখন ছবিত কিছু কমেডী,কিছু ৰোমান্স,কিছু ট্ৰেজেডী একেলগে বিচৰা সকলক ছবিখনে নিৰাশ নকৰে,
অভিনেতা সকলৰ terific অভিনয় আৰু নতুন concept ৰ বাবে ছবিখন এবাৰ নিশ্চয় চাব ৷
এটা কথা ১০০% কব পাৰো ছবিখনৰ বহুকেইটা দৃশ্যই আপোনাক অতীতলৈ লৈ যাব আৰু নষ্টালজিক কৰি তুলিব,
এইটো নকওঁ যে ছবিখনৰ ইতিবাচক দিশহে আছে অকল কিছুমান দিশত আৰু কাম কৰিব দৰকাৰ আছিল,
যিকি নহওঁক ছবিখন চাই আপুনি হাহি আৰু দুটামান পজিটিব মেচেজ লৈ ছবিঘৰৰ পৰা ওলাব ৷
Go and watch Doordarshan.
My final rating- 3.75/5
#ভূষন_পাঠক ৷