শেহতীয়াকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বহুতো ফেশ্বন শ্বো তথা ফেশ্বনৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে আৰু তাৰ ফলত ফেশ্বনৰ প্ৰতি নিচা থকা লৰা-ছোৱালীবোৰে নিজৰ প্ৰতিভা বিকাশ কৰাত এক সুন্দৰ মঞ্চ লাভ কৰিছে, এইবাৰ যুৱতী তথা বিবাহিত মহিলা সকলৰ মাজত মডেলিংৰ ক্ষেত্ৰত এক সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰিছে “বিগ ড্ৰিমছ ক্ৰিয়েছন”ৰ বেনাৰত মিচেচ ইন্দিয়া খ্যাত “স্বপ্নালী পাঠক” আৰু তেওঁৰ টীমে প্ৰতিযোগিতাখনৰ নাম হ’ল- “ব’হাগী-২০১৭” |
কেৱল “মিচ আৰু মিচেচ “সকলৰ বাবে আয়োজন কৰা প্ৰতিযোগিতা খনৰ অডিচন অসমৰ বিভিন্ন ঠাইত হৈ আছে , ইতিমধ্যে ১১ আৰু ১৫, ১৮ মাৰ্চত নগাওঁ, নলবাৰী,আৰু গুৱাহাটীত অডিচন হৈ যায় অহা ২৪ মাৰ্চত যোৰহাটত আৰু ২৫ মাৰ্চত গুৱাহাটীত আকৌ এবাৰ অডিচন অনুষ্ঠিত হ’ব |

মেগা প্ৰতিযোগিতা খনৰ মেগা ফাইনেল অহা ৫ এপ্ৰিলত “আইটিএ মাছখোৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব | প্ৰতিযোগিতা খনৰ ফাইনেলত বিচাৰক হিচাপে থাকিব জনপ্ৰিয় অভিনেত্ৰী “মেঘৰঞ্জনী মেধী” আৰু মিচেচ ইন্দিয়া ৱৰ্ল্ড ২০১৫ “আইৰিছ মাজু” | অডিচনত নিৰ্বাচিত হোৱা মডেল সকলোক গ্ৰুমিং কৰাব জনপ্ৰিয় মডেল “সুকল্পা দাসে”| অডিচন হৈ যোৱা ঠাইবোৰত ইতিমধ্যে সকলোৰে পৰা ইতিবাচক সহাৰি লাভ কৰিছে আয়োজকে , প্ৰতিযোগিতা খনৰ পৰবৰ্তী অডিচনত যদি কোনোবা যুৱতী বা মহিলাই অংশগ্ৰহন কৰিব বিচাৰে তেতিয়া আয়োজকৰ লগত যোগাযোগ কৰিব পাৰে ,তেওঁলোকৰ যোগাযোগৰ নম্বৰ হ’ল- ৮৪৮৬০৫৭৮৩২