gaane-ki-aane-review

Bhukhan pathak official review of “Gaane Ki Aane”

যোৱাকালি প্ৰিমিয়াৰ শ্বো চালো “গানে কি আনে ”
Thums up – উন্নত আৰু গতিৰে ভৰপুৰ কাহিনী-চিত্ৰনাট্য, “জুবিন গাৰ্গ”ৰ নেচাৰেল অভিনয়,চাৰ্টবাষ্টাৰ সংগীত আৰু মনপৰশা আৱহ সংগীত, নতুন প্ৰজন্মৰ দৰ্শকৰ প্ৰতি লক্ষ্য ৰাখি সংলাপ ৰচনা, অতি উন্নতমান লোকেচন আৰু কেমেৰাৰ কামবোৰো জাকত জিলিকা, ছবিখনৰ দুৰ্বল দিশ বিচাৰিব টান ৷

Thumps down – ছবিখনৰ নেতিবাচক দিশ খুবেই কম, তথাপি কব গলে ছবিখনৰ দুই এটা দৃশ্য বা শেষৰ এক্সন দৃশ্যৰ পিছত “জুবিন গাৰ্গৰ” মেক আপ আৰু উন্নত হব লাগিছিল,  তেওঁৰ এক্সন দৃশ্যৰ পিছত তেওঁৰ মেক আপত আৰু অলপ গুৰুত্ব দিব লাগিছিল, “জুবিন গাৰ্গ”ক ভিলেইন জনে ইমাৰ প্ৰহাৰ কৰাৰ পিছতো “জুবিন গাৰ্গ” সহজতে চিকিৎসালয়ত ঘুৰি ফুৰি থকা দেখুওৱা হৈছে,  এনেকুৱা সৰু সুৰা দুই এটা নেতিবাচক দিশৰ বাহিৰে ছবিখন সম্পুৰ্ন মনোৰন্জনেৰে ভৰপুৰ ৷

Read More: 5 Reasons To Watch Assamese Movie Gaane Ki Aane

gaane-ki-aane-review

Story/Screenplay/Dialogue

এজন অতি জনপ্ৰিয় গায়কৰ জীৱনৰ ওপৰত কাহিনীভাগ আগবাঢিছে, সংগীত,জনপ্ৰিয়তা,ধন,প্ৰেম,সংঘাত,ট্ৰেজেডী আদিৰে ভৰপুৰ ছবিখনক কাহিনীয়ে আপোনাক ১ মিনিটৰ বাবেওঁ বিৰক্তি নকৰে, ছবিখনৰ কিছু অংশ বলিউদৰ #আশিকী২ ছবিখনৰ লগত মিল আছে যদিওঁ আপোনাৰ এনেকুৱা নালাগে যে আপুনি আশিকী আকৌ এবাৰ চাব আহিছে কাৰন #জুবিন_গাৰ্গৰ নেচাৰেল অভিনয়, আৰু কিছু কিছু অংশহে আশিকীৰ লগত মিল আছে বুলি কব পাৰি, ছবিখনৰ চিত্ৰনাট্যই সাংঘাতিক ধৰনে আপোনাক স্ক্ৰীনৰ ওপৰত বান্ধি ধৰি ৰাখিব, চিত্ৰনাট্যৰ তীব্ৰ গতিয়ে ছবিখনক আন অসমীয়া ছবিৰ তুলনাত এক পৃথক ঠাইত ৰাখিছে, ছবিখনৰ আন উল্লেখযোগ্য ষ্ট্ৰ দিশ হ’ল ছবিখনৰ কিছুমান বলিষ্ঠ সংলাপ যিবোৰ নতুন প্ৰজন্মই খুব পচন্দ কৰিব, ছবিঘৰত নতুন প্ৰজন্মই ভিৰ কৰে গতিকে সংলাপবোৰৰ লক্ষ্য একেবাৰে সঠিক ৷ ছবিখনৰ বহুতো দৃশ্যত আপোনি আবেগিক হৈ উঠিব, ছবিখনৰ দ্বাৰাই সমাজলৈ বহুকেইটা সুন্দৰ বাৰ্তা দিব চেষ্টা কৰিছে পৰিচালকে,

Perfomance

gaane-ki-aane-4

মই নিজেই আচৰিত হৈছো এই ছবিখনত “জুবিন গাৰ্গে” অভিনয় কৰা নাই তেওঁ চৰিত্ৰটোক জীয়াই তুলিছে, ইমান ধুনীয়া নেচাৰেল অভিনয় হয়তো মই শেহতীয়া সময়ত অসমত দেখা নাই,  হয়তো হব পাৰে “জুবিন গাৰ্গে” নিজে এজন জনপ্ৰিয় শিল্পী সেয়েহে একেই চৰিত্ৰত অভিনয় কৰা বাবে তেওঁক চৰিত্ৰটো সুৱাই পৰিছে, ছবিখনৰ কিছুমান দৃশ্য তেওঁৰ জীৱনৰ লগত মিল আছে, তেওঁ এজন সংগীতৰ চুপাৰষ্টাৰ ছবিখনতো সেয়াই দেখুওৱা হৈছে, তেওঁক বহুতে কব খোজে তেওঁ গায়কহে অভিনেতা হিচাপে তেওঁ সফল নহয় কিন্তু মই সদায় কৈ আহিছো আজিওঁ জুবিন গাৰ্গৰ সমান নেচাৰেল অভিনেতা অসমত বহুত কম আছে, তেওঁ ছবিখনত তেওঁৰ চৰিত্ৰটো Incredible ভাবে জীয়াই তুলিছে, মুঠতে “জুবিন গাৰ্গে” ভবাতকৈ বেছি সুন্দৰ নেচাৰেল অভিনয় কৰিছে, তেওঁ extraordinary.

মোহময়ী অভিনেত্ৰী পৰিনীতা বৰঠাকুৰে মুল নায়িকাৰ চৰিত্ৰত Outstanding অভিনয়ৰ জোৱাৰ দেখুওৱাবলৈ সক্ষম হৈছে, তেওঁ এজনী অতি সুন্দৰ অভিনেত্ৰী বুলি সকলোৱে জানে, কিন্তু এই ছবিখনত তেওঁৰ অভিনয় সোনত সুৱগা হৈছে,
এজনী খাটি অসমীয়া ছোৱালী/বোৱাৰী/গায়িকাৰ চৰিত্ৰতো অতি মনোমোহা ভাৱে স্ক্ৰীনত জীয়াই তুলিছে, লগতে গানবোৰত তেওঁৰ কন্ঠই দৰ্শকক মোহিত কৰিব, আন এক মোহময়ী অভিনেত্ৰী ৰিম্পী দাসক ছবিখনত সম্পুৰ্ন বেলেগ ৰুপত এক বল্ড চৰিত্ৰত দেখা গৈছে, তেওঁ অতি সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ পুৰ্নভাৱে সক্ষম হব, তেওঁৰ এটা দৃশ্য আছে “পৰিনীতা বৰঠাকুৰৰ” লগত য’ত পৰিনীতাই জুবিনক বিচাৰি #ৰিম্পীৰ ঘৰত আহে হয় সেই দৃশ্যটো ইমানেই সুন্দৰ হৈছে যে আপোনাৰ চকুপানী ওলাই যাব পাৰে , দুয়োগৰাকী অভিনেত্ৰীৰ শ্ৰেষ্ঠ দৃশ্য বুলি কব পাৰি, দুয়োগৰাকী extraordinary, আৰু বাকী সকলো দৃশ্যত দুয়োগৰাকী অভিনেত্ৰীয়ে অতি প্ৰংশসনীয় অভিনয় কৰিছে ৷

সকলোৱে জানে হিৰন্য ডেকা এজন বলিষ্ঠ অভিনেতা কিন্তু এই ছবিখনত HD ৰ চৰিত্ৰত তেওঁ অতুলনীয় অভিনয় কৰিছে,
তেওঁৰ যিমানেই প্ৰংশসা কৰা হব সিমানেই কম হব, তেওঁ অসমৰ #জনি_লিভাৰ নিসন্দেহ ৷

ছবিখনৰ পৰিচালক ৰাজেশ য়শপাল এটা গুৰুত্বপুৰ্ন চৰিত্ৰত অভিনয় কৰিছে, তেওঁৰ বেছি সংলাপ নাই যিখিনি আছে হিন্দীত আৰু তেওঁ ভাল অভিনয় কৰিছে ৷

আন এক চৰিত্ৰত আমাৰ সকলোৰে শ্ৰদ্ধাৰ নিপন গোস্বামী দেবে সদায়ৰ দৰে বলিষ্ঠ অভিনয় কৰিছে , তেওঁ দৰ্শকৰ বাবে সদায় আকৰ্ষনীয়, ৰীনা বৰাই সদায়ৰ দৰে অতি আকৰ্ষনীয় অভিনয় কৰিছে, বাকী সকলোবোৰ অভিনেতা অভিনেত্ৰীয়ে সুন্দৰ অভিনয় কৰিছে ৷

ছবিখনত দৰ্শকে এটা অসমীয়া তাৰকাৰে ভৰা গান হিচাপে চাৰপ্ৰাইজ পাব, গানটোত কোন কোন আছে চালে গম পাব মই নকওঁ ৷

Direction

ছবিখনৰ পৰিচালনা কৰিছে মুম্বাইত বহু ধাৰাবাহিক আৰু ছবিৰ লগত জডিত থকা #Rajesh_Jashpal য়ে,
ছবিখনৰ ট্ৰিটমেন্ট তেওঁ সম্পুৰ্ন পৃথক কৰিছে, দৰ্শকে আমনি নোপোৱাকৈ যেনেকুৱা ছবি লাগে তেনেকুৱা ছবি তেওঁ বনাই তুলিছে, প্ৰতিটো চৰিত্ৰৰ পৰা তেওঁ শ্ৰেষ্ঠ কাম আদায় কৰিছে, ছবিখনৰ লুক,ট্ৰিটমেন্ট নতুন প্ৰজন্মৰ পচন্দ হোৱাকৈ তেওঁ কাহিনী আৰু চিত্ৰনাট্য তেওঁ তৈয়াৰ কৰিছে, ছবিখনৰ আৰ্ট পৰিচালনা খুবেই সুন্দৰ হৈছে, সুন্দৰ চেট বনাই কোনো কৃপনালী নকৰাকৈ শ্বুটিং কৰা দেখা গৈছে, দুই এটা দৃশ্য আৰু মেক আপত তেওঁ চকু দিব লাগিিছল তাৰ বাহিৰে পৰিচালকে ছবিখনৰ বাবে সম্পুৰ্ন নম্বৰ লাভ কৰিব ৷

Music

ছবিখনৰ সংগীত ছবিখনৰ জান বুলি কব পাৰি, সংগীত অবিহনে “গানে কি আনে” কল্পনা কৰিব নোৱাৰি, আৰু ছবিখনৰ সংগীত ছবিখন মুক্তিৰ আগত যিমান জনপ্ৰিয় হৈছিল মুক্তিৰ পিছত তাতকৈ বেছি সীমাহীন ভাবে জনপ্ৰিয় আৰু চাৰ্টবাষ্টাৰ হোৱাটো খাটাং, সকলোৱে জানে “জুবিন গাৰ্গে” সংগীত পৰিচালনা কৰা মানে চিৰসেউজ লগতে চুপাৰহিট, এইবাৰো তাৰ ব্যতিক্ৰম নহয়, “জুবিন গাৰ্গে “মনচুই যোৱাকৈ গানকেইটা বনাইছে, সংগীতে ছবিখনৰ সফলতাত আটাইতকৈ বেছি অৰিহনা যোগাব, জুবিন গাৰ্গৰ বাহিৰে #পৰিনীতা, #জুবলি,#অনিন্দিতা_পল বাকী কন্ঠশিল্পী বোৰে সুন্দৰ কন্ঠৰে গানবোৰ সুন্দৰ কৰি তুলিছে, ছবিখনৰ আৱহ সংগীতে আপোনাক আবেগিক কৰি তুলিব, হয় সচাকৈ অতি সুন্দৰ আৱহ সংগীত ছবিখনত শুনা বা অনুভৱ কৰা গৈছে,

ছবিখনৰ কেমেৰাৰ কাম অতি উন্নত হৈছে,
গানবোৰৰ কৰিঅগ্ৰাফী খুব সুন্দৰ হৈছে,
চেট ডিজাইন বহুত বহুত উন্নতমানৰ হৈছে,

Garima Saikia Garg ছবিখনৰ কষ্টিউম বোৰ অতি সুন্দৰকৈ ডিজাইন কৰিছে স্ক্ৰীনত অতি মনোমোহা লাগিছে,
ছবিখনৰ এক্সনৰ দৃশ্যখিনি মুম্বাই ফিল্মচিটিত শ্বুটিং কৰা হৈছে দৃশ্যবোৰ আন কিছুমান অসমীয়া ছবিৰ তুলনাত ভাল হৈছে বুলি কব পাৰি কিন্তু মোৰ হিচাপত পাৰ্ফেক্ট বুলি কব নোৱাৰো, আৰু অলপ উন্নত এক্সন কৰিব পৰা গলহেতেন,
কিন্তু এক্সনৰ দৃশ্য এটাহে আছে বাৰু,

Producer/Promotion

মই কোনো ছবিৰ ৰিভিউত প্ৰযোজকৰ নাম তেনেকৈ লোৱা দেখা নাপায়, কিন্তু #দুৰদৰ্শন ছবিখনত প্ৰযোজকৰ প্ৰংশসা কৰিছিলো তেওঁৰ ছবিখনক লৈ দায়িত্ববোধৰ বাবে ঠিক তেনেকৈ “Gaane Ki Aane” ৰ প্ৰযোজকৰ নাম নোলোৱাকৈ থাকিব নোৱাৰিম কাৰন ছবিখন মুক্তিৰ আগত ছবিখনৰ প্ৰযোজকে আন ছবিৰ তুলনাত ভাবিব নোৱাৰাকৈ প্ৰচাৰ আচনি তৈয়াৰ কৰিছিল সেয়া টেলেভিচন হওঁক, ছপা মাধ্যমত হওঁক বা ৰোড শ্বো হওক, ছবিখনৰ প্ৰযোজক হল Gautam Chakrabortty, Rajesh Jashpal, Suni lGogoi,

প্ৰচাৰৰ কথা আহিছে যেতিয়া #জুবিন_গাৰ্গ_ফেন_ক্লাবৰ নাম নোলোৱাকৈ বা প্ৰংশসা নকৰাকৈ থাকিব নোৱাৰি
হয় ছবিখনৰ প্ৰচাৰৰ বাবে গোটেই অসমত জুবিন ফেন ক্লাবে বাইক ৰেলী,চচিয়েল মিডিয়া আদিৰ দ্বাৰাই এক আলোডনৰ সৃষ্টি কৰিছে, অন্তত অসমৰ চুকে কোনে মানুহে গম পাইছে যে ১৪ অক্টোবৰত জুবিন গাৰ্গৰ ছবি “গানে কি আনে” মুক্তি পাব ৷
Zubeen Garg ৰ জনপ্ৰিয়তা,ষ্টাৰদম যে সীমাহীন প্ৰমান হৈ গৈছে তেওঁৰ অনুৰাগীৰ পৰা, যি কি নহওঁক ছবিখন বক্স অফিচত ভাল ব্যৱসায় কৰিলে সকলোবোৰ সাৰ্থক হব, আশা কৰিছো মোৰ দৰে দৰ্শকে ছবিখন আদৰি লব ৷

Overall

gaane-ki-aane-1

Gaane Ki Aane এখন অতি উন্নতমানৰ মনোৰন্জনধৰ্মী ছবি, ছবিখনত এটা দৃশ্যটো আমনি নাপাব,
ছবিখন এখন সুন্দৰ পৰিয়ালৰ বাবে উপভোগ্য ছবি, নতুন প্ৰজন্মই ছবিখন খুব ভাল পাব কাহিনী/সংলাপ/সংগীত/জুবিন গাৰ্গ আৰু ট্ৰিটমেন্টৰ বাবে, মোৰ হিচাপত যোৱা কেইবছৰৰ ভিতৰত গানে কি আনে এখন অতি উন্নতমানৰ সাংগিতীক মনোৰন্জনেৰে ভৰপুৰ শ্ৰেষ্ঠ বানিজ্যিক ছবি, যত দৰ্শকে লাভ কৰিব মনোৰন্জন,মনোৰন্জন,মনোৰন্জন, ছবিখনো বক্স অফিচত বাম্পাৰ আৰম্ভনি লাভ কৰাটো খাটাং, এখন সফল বক্স অফিচ ছবিৰুপে পৰিগনিত হব ৷

ছবিঘৰলৈ যাওঁক আৰু উপভোগ কৰক “গানে কি আনে” ৷
#ZubeenGarg rocked the show.

ধন্যবাদ ৷

#ভূষন_পাঠক ৷

This review has not been edited by Magical Assam staff.

Note: Here’s the list of halls you can watch Gaane Ki Aane from today.

gaane-ki-aane-hall

REVIEW OVERVIEW
গানে কি আনে
SHARE
Previous articleDoordarshan Ati Jantra | Review by Bhukhan Pathak
Next articleGaane ki Aane First Day Box Office Collection : Bhukhan Pathak
Bhukhan Pathak is a Cine Journalist /Actor /Model based in Guwahati. He has written more than 2000 articles in last 2 years. His articles and reviews publish on all the top newspapers and magazines of Assam. He has also appeared in a few music videos and television serials. Bhukhan Pathak - Facebook Profile 2