যোৱা ৫ এপ্ৰিলত গুৱাহাটী আই টি এ ,মাছখোৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ফেশ্বনৰ এক উল্লেখযোগ্য প্ৰতিযোগিতা ‘মিচ এন্ড মিচেচ বহাগী’ |এই প্ৰতিযোগিতা খনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুতো প্ৰতিযোগীয়ে ভাগ লৈছিল কিন্তুু ‘মিচেচ ব’হাগী’ৰ চুড়ান্ত খিতাপ দখল কৰে গুৱাহাটী সাতগাওঁৰ ‘পল্লবী দাসে’|
‘বিগ ড্ৰিমচ ক্ৰিয়েচনে’ অনুষ্ঠিত কৰা প্ৰতিযোগিতা খনৰ অডিচন অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছিল আৰু প্ৰতিযোগিতা খনত মিচ আৰু মিচেচ দুয়োটা শিতানত শ্ৰেষ্ঠতা বাচি উলিওৱা হয়, প্ৰতিযোগিতা খনৰ বিচাৰক হিচাপে আছিল মোহময়ী অভিনেত্ৰী “মেঘৰঞ্জনী মেধী” আৰু ‘আইৰিচ মাজু’,পল্লবী দাস এগৰাকী প্ৰতিভাশালী মডেল বুলি কব পাৰি কাৰন ইয়াৰ আগত তেওঁ মাত্ৰ এখন ফেশ্বন প্ৰতিযোগিতাত ভাগ লৈছিল “মিচেচ ইন্দিয়া হোমমেকাৰ্চ” য’ত তেওঁ ‘ফেশ্বন আইকন’ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল আৰু দ্বিতীয় প্ৰতিযোগিতা খনতেই তেওঁ চুৰান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়|
সৰুৰে পৰা পল্লবীৰ ফেশ্বনৰ প্ৰতি অগাধ নিচা আৰু শ্ৰদ্ধা আছিল যদিওঁ তেওঁ বিশেষ অসুবিধাৰ বাবে ফেশ্বন জগতত খোজ দিয়া নাছিল কিন্তুু বিবাহৰ পিছত তেওঁৰ স্বামী “পল্লব দাস” (Pallab das) দাস ৰ উৎসাহ আৰু প্ৰেৰণাত তেওঁ প্ৰথম বাৰৰ বাবে মিচেচ ইন্দিয়া হোমমেকাৰ্চত ভাগ লয় তাৰ পিছত ৰৈ থাকিব লগা হোৱা দ্বিতীয়খন প্ৰতিযোগিতাত তেওঁ চুৰান্ত বিজয়ী হয়| তেওঁ এই সফলতাত তেওঁৰ স্বামী পল্লব দাস খুবেই আনন্দিত| ভবিষ্যতে ফেশ্বন জগতত আৰু আগুৱাই যোৱাৰ লক্ষ্য পল্লবী দাস ৰ, তেওঁলৈ অভিনন্দন তথা শুভকামনা থাকিল|