najitora

অসমৰ জনপ্ৰিয় গায়িকা নিৰ্মালী দাসৰ বিহুগীতৰ এলবাম “নাজিতৰা” ২০১৭ ই মুক্তিৰ লগে লগেই শ্ৰোতাৰ পৰা সীমাহীন সহাৰি লাভ কৰিবলৈ সক্ষম হয়, যোৱা কিছুদিন আগতে জনপ্ৰিয় সুকন্ঠী গায়িকা গৰাকীয়ে তেওঁৰ ৬ টি গীত সন্নিবিষ্ট শ্ৰব্য কেছেটটো মুকলি কৰি দিছিল তাৰ দুদিনমান পিছত তেওঁ এলবামটোৰ দুটা গানৰ মিউজিক ভিডিও ক্ৰমে “চালে চকু ৰোৱা” আৰু “তোমাৰ হেনো বিয়া” দৰ্শকৰ বাবে মুক্তি দিয়ে আৰু দৰ্শকৰ পৰা প্ৰংশসাভৰা প্ৰতিক্ৰিয়া লাভ কৰে, দুয়োটা গানতেই অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা “Utpal das” য়ে, দুয়োটা গীতৰ ভিডিও অতি সুন্দৰ আৰু মনোমোহা হৈছে,
“নাজিতৰা” ২০১৭ বিহু শ্ৰব্য এলবামটোৰ গানকেইটাৰ কথা কব ওলাইছো _
প্ৰথম গানটো হ’ল – “নাহৰ তগৰ ফুলিল” গানটোত কন্ঠ দিছে – জুবিন গাৰ্গ আৰু নিৰ্মালী দাসে গানটোৰ কথা- সুৰ- অপুৰ্ব-শোনিতৰ,
দ্বিতীয় গানটো হ’ল- “চালে চকু ৰোৱা” গানটোত কন্ঠ দিছে -জুবিন আৰু নিৰ্মালীয়ে গানটোৰ কথা-সুৰ- অপুৰ্ব-শোনিতৰ,
তৃতীয় গানটো হ’ল- “তোমাৰ হেনো বিয়া ” কন্ঠ দিছে – জুবিন আৰু নিৰ্মালীয়ে কথা-সুৰ- অজয় ফুকনৰ,
চতুৰ্থ গানটো হ’ল -” শৰতৰে পূৰ্নিমা ৰাতি” কন্ঠ নিৰ্মালী দাসৰ কথা-সুৰ – মানস ৰবিনৰ,
পঞ্চম গানটো হ’ল- “ডুবো ডুবো পৰতে” কন্ঠ দিছে- আচুৰ্য আৰু নিৰ্মালীয়ে কথা-সুৰ- অপুৰ্ব-শোনিতৰ,
ষষ্ঠ গানটো হ’ল- “কাংকান” কন্ঠ দিছে – দিক্ষু আৰু নিৰ্মালীয়ে কথা-সুৰ- অপুৰ্ব-শোনিতৰ |
সহযোগী শিল্পী- অপুৰ্ব বৰুৱা,মন্টুমনি শইকীয়া
পল্লবী দাস,মৌৰুছী বৰা ইত্যাদিয়ে | গোটেইকেইটা গানেই অতি সুন্দৰ হৈছে বুলি কব পাৰি |

শেহতীয়াভাৱে অসমত সংগীতৰ নামত কি কি ব্যাভিচাৰী গান ওলাইছে সকলোৱে জানে তাৰ বিপৰিতে নাজিতৰা ৰ নিচিনা এলবাম আমাক অতি দৰকাৰ, যোৱাবছৰ নাজিতৰা এলবামটোৰ এটা সুন্দৰ গানৰ বাবে নিৰ্মালী দাসে GIMA বটা অনুষ্ঠানত শ্ৰেষ্ঠ গানৰ শিতানত নমিনেচন পাবলৈ সক্ষম হৈছিল | আমি আশা কৰিছো জনপ্ৰিয় আৰু প্ৰতিভাশালী গায়িকা গৰাকীয়ে এই যাত্ৰা অব্যাহত ৰাখি অামাক সুন্দৰ সুন্দৰ সংগীত উপহাৰ দি থাকিব |