অৱশেষত মুক্তিৰ বাবে সাজু বহু অপেক্ষিত আৰু ৰাষ্ট্ৰীয় বটা বিজয়ী ছবি ‘অথেলো’ ,হয় ৰাষ্ট্ৰীয় বটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজতকমল বটা পোৱাৰ পিছৰে পৰা ছবিখনৰ চাৰিওঁফালে চৰ্চা হৈ আছিল ,দৰ্শকে অধীৰ অপেক্ষাৰে ছবিখনৰ অপেক্ষা কৰি আছিল ছবিঘৰত চাবলৈ , আৰু অকল ৰাষ্ট্ৰীয় বটাই নহয় আন্তৰাষ্ট্ৰীয় ছবি মহোতসৱতো ছবিখনে সীমাহীম সহাৰি লাভ কৰাৰ লগতে আন আন বহুকেইটা বটা লাভ কৰি অসমলৈ গৌৰৱ কঢিয়াই আনিছে, অৱশেষত ছবিখন অহা ৩১ মাৰ্চত গোটেই অসমৰ ছবিঘৰত মুক্তিলাভ কৰিব আৰু দৰ্শকৰ অপেক্ষাৰ অন্ত পৰিব, ‘অৰ্থ ফিল্মছৰ’ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ‘মানবেন্দ্ৰ অধিকাৰী’য়ে ,ছবিখন পৰিচালনা কৰিছে ‘হেমন্ত কুমাৰ দাসে’,ছবিখনৰ চিত্ৰনাট্য লিখিছে – ‘ৰঞ্জিত শৰ্মা’ ই , ছবিখনৰ সুন্দৰ সংগীত দিছে – ৰাষ্ট্ৰীয় বটা বিজয়ী সংগীতশিল্পী ‘তৰালী শৰ্মা’ই, চিনেমেট’গ্ৰাফাৰ – নাহিদ, চাউন্দ মিক্সিং- ‘দীপক দত্ত’ ৰ, কালাৰ কাৰেকচন কৰিছে- দিগন্ত খাউন্দে , ছবিখনত সুন্দৰ আৰু বলিষ্ঠ অভিনয় কৰিছে – ‘অৰূপ বৈশ্য, অৰুন নাথ,জুপিতৰা ভূঞা, ৰুনু দেৱী,কল্পনা কলিতা,বিভুতিভূষন ইত্যাদি ন-পুৰনি শিল্পীয়ে |
জানিব পৰামতে ছবিখনৰ দ্ৰুত চিত্ৰনাট্যৰ লগতে এক মন চুই যোৱা কাহিনীয়ে সকলোকে আল্পুত কৰিব লগতে সকলো অভিনেতা /অভিনেত্ৰীয়ে সকলোবোৰ চৰিত্ৰৰ ক্ষেত্ৰত পূৰ্নভাৱে ন্যায় কৰিছে বুলি সুত্ৰৰ পৰা জানিব পৰা হৈছে,
ছবিখন দেশ-বিদেশ যতেই প্ৰদৰ্শিত হৈছে তাতেই দৰ্শক তথা সমালোচকৰ পৰা ভূয়সী প্ৰংশসা লাভ কৰিছে এতিয়া অপেক্ষা মাত্ৰ ৩১ মাৰ্চলৈ, ছবিখনৰ প্ৰচাৰ পূৰ্নগতিত চলি আছে বুলি প্ৰযোজকে জনাই |