প্ৰতিভাশালী শিশু অভিনেতা “তন্ময় বৰুৱা”

বৰ্তমান সময়ত ভাৰত তথা অসমৰ চুকে কোনে সাংস্কৃতিক বা আন দিশত বহু কম বয়সৰ পৰাই নিজৰ উপস্হিতি দেখুৱাই আহিছে বহুতো প্ৰতিভাবান শিশুই, সেয়া অভিনয়, সংগীত,নৃত্য বা ফেশ্বনতেই নহওক কিয়, এই ক্ষেত্ৰত শিশুসকলৰ মাতৃ-পিতৃৰ অৰিহনা আটাইতকৈ বেছি, যোৰহাট জিলাৰ হাঁহছৰা, চাৰিআলিৰ ৮ বছৰীয়া প্ৰতিভাশালী শিশু ‘তন্ময় বৰুৱা’ নৃত্য আৰু অভিনয়ৰ দ্বাৰাই সাংস্কৃতিক জগতত আগবাঢ়ি আহিছে আৰু ইতিমধ্যে তেওঁ বহুখিনি আগবাঢ়িবলৈ সক্ষমো হৈছে মাত্ৰ ৮ বছৰ বয়সতেই, তেওঁ ইতিমধ্যে ১৪ টাৰ ওপৰত মিউজিক ভিডিওত শিশুশিল্পী হিচাপে অভিনয় কৰিছে, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল – ‘জীয়াঢ়ল’, ‘ দিচাং ৩’, ‘গৌৰব’চ মেল’ডী’, ‘জকী যোৱা ভনী’, ‘কনেং’, ‘অলং দলং’, ‘এজাক বৰষুণ’ ইত্যাদী ইত্যাদি| পিতৃ ‘টুলু বৰুৱা’ আৰু মাতৃ ‘মাইনু বৰবৰুৱা বৰুৱা’ ৰ তত্বাবধানত তন্ময় ক পঢ়াৰ লগতে সাস্কৃতিক জগততো আগুৱাই নিবলৈ চেষ্টা কৰিছে, ‘হলি ফ্লাৱাৰ চিনিয়ৰ চেকেন্দাৰী স্কুল’ টীয়কৰ তৃতীয় শ্ৰেনীৰ ছাত্ৰ ‘তন্ময়’ ৰ নৃত্যৰ লগতে অভিনয় আৰু মডেলিং খুবেই প্ৰিয়, তেওঁ বৰ্তমান ‘সুৰজিৎ শইকীয়া’ ৰ তাত নৃত্যৰ প্ৰশিক্ষন লৈ আছে|
অতি সোনকালে তেওঁ ধাৰাবাহিকতো অভিনয় কৰিব বুলি জনাইছে বৰ্তমান তেওঁ নিজৰ পাঠ্যক্ৰমকলৈ ব্যস্ত| ভৱিষ্যতে এজন মেকানিকেল অভিযন্তা ৰ লগতে এজন সফল অভিনেতা হোৱাৰ তেওঁৰ লক্ষ্য| কনমানি জনক আমাৰ ফালৰ পৰা শুভকামনা জনালো|