কেইটামান দৃশ্যৰ বাহিৰে ছবিখন ভালেই লাগিছে,
সকলো ধৰনৰ দৰ্শকে ছবিখন ভাল নাপাব ৷
#কাহিনী_চিত্ৰনাট্য_সংলাপ- কাহিনীৰ লক্ষ্য খুবেই ভাল কিন্তু চিত্ৰনাট্যত কিছুমান ভুল আছে আৰু সেইবোৰ দৃশ্যত দৰ্শক বেয়াকৈ আমনি পায় কাৰন কেইটামান দৃশ্য মিচামিছি দীঘল কৰা হৈছে ৷ ড্ৰাগছ সেৱনৰ বিপৰিতে কিছুমান ভাল বাৰ্তা ছবিখনত দিবলৈ চেষ্টা কৰিছে, যিবোৰ প্ৰংশসনীয়,পৰিয়ালৰ লগত একেলগে চাব নোৱাৰা সংলাপ বহুত আছে, গালি গালাজেৰে ভৰি আছে ৷
#অভিনয়- ছবিখনত শ্বাহিদ,আলিয়া,কৰীনা আদিয়ে অভিনয় অতি উন্নতমানৰ কৰিছে ৷
আলিয়াই #হাইৱে আৰু #২ষ্টেটচ ৰ পিচত এক অনবদ্য চৰিত্ৰত অতি উন্নতমানৰ অভিনয় কৰিছে,
#শ্বাহিদে ড্ৰাগছ সেৱনকাৰী ৰকষ্টাৰৰ ভুমিকাত অতি অতি উন্নতমানৰ অভিনয় কৰিছে ৷
সংগীত ভালেই বুলি কব পাৰি,
ইতিমধ্যে দুটামান গীত জনপ্ৰিয় হৈছে ৷
সামগ্ৰিকভাবে- #UdtaPunjab এখন এবাৰ হলত গৈ চাব লগা ছবি কিন্তু এটা কওঁ যে সকলো ধৰনৰ দৰ্শকে ছবিখন ভাল নাপাব কাৰন এইখন এখন “ডাৰ্ক ড্ৰামা” আৰু কিছুমান দৃশ্য দীঘলকৈ টানি বৰিং কৰি পেলাইছে ৷
কিন্তু বেছিভাগ দৃশ্য আৰু কাহিনী আজিৰ সমাজৰ লগত মিল আছে গতিকে ছবিখন এবাৰ চাবলগীয়া বা চাব পাৰে ৷
কেৱল পৰিয়ালৰ মানুহ একেলগে গলে লাজ পাব পাৰে, গালি গালাজ বহুত আছে ৷
টেলেভিচনত এইখন ছবি প্ৰদৰ্ষিত কৰিব লাগিলে বহুত দৃশ্য, সংলাপ মচিব লাগিব ৷
ধন্যবাদ ৷
ভূষন পাঠক